ৰঙিয়াৰ ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল বিদ্যালয়, ব্যৱসায়ীক প্ৰতিষ্ঠান

ৰঙিয়াৰ সমীপৰ ঢেপাৰগাঁওত সংঘটিত হৈছে এই অগ্নিকাণ্ড। শ্ববে বৰাতৰ নিশাই সংঘটিত হৈছে এই দুৰ্ঘটনা ।

author-image
Asomiya Pratidin
New Update
গণেশগুৰি উৰণীয়া সেতুত চিটি বাছে মহটিয়াই নিলে ৩ খনকৈ বাহন...

ডিজিটেল ডেস্কঃ ৰঙিয়াৰ সমীপৰ ঢেপাৰগাঁওত সংঘটিত হৈছে এই অগ্নিকাণ্ড। শ্ববে বৰাতৰ নিশাই সংঘটিত হৈছে এই দুৰ্ঘটনা ।

Advertisment

অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ যায় এখন ব্যক্তিগত বিদ্যালয়ৰ লগতে কেবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান ।

দেওবাৰে নিশা প্ৰায় ১০ মান বজাত জুইৰ সূত্ৰপাত হয় আৰু লগে লগে খবৰ দিয়া হয় অগ্নিনিৰ্বাপক বাহিনীক।

ঢেপাৰগাঁওৰ জ্ঞান দৰ্শন নামৰ জাতীয় বিদ্যালয় খনত জুই লগাৰ ফলত প্ৰায় আটাইকেইটা শ্ৰেণী কোঠাৰ লগতে বিদ্যালয়ৰ কাৰ্যালয় আৰু সকলো নথি পত্ৰ নষ্ট হয়।

কেনেকৈ এই অগ্নিকাণ্ড সংঘটিত হ'ল  সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই।বিদ্যালয় খনত পৰীক্ষাও চলি আছিল বুলি জানিব দিয়ে স্বত্বাধিকাৰী নুৰ জামাল আলীয়ে। জুই ফলত প্ৰায় ৫ লক্ষাধিক টকা মূল্যৰ সা-সম্পত্তি ধ্বংস হোৱা বুলি জানিব দিয়ে ।

Also Read: নলবাৰী জিলাত শ্ৰীশ্ৰীমহা শিৱৰাত্ৰী পূজাৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি

fire