হায় অন্নদাতাৰ বিলৈ ! ঋণৰ বোজা সহিব নোৱাৰি ৭ কৃষকে বাছি ল'লে চৰম সিদ্ধান্ত

হায় অন্নদাতাৰ বিলৈ ! ঋণৰ বোজা সহিব নোৱাৰি ৭ কৃষকে বাছি ল'লে চৰম সিদ্ধান্ত

author-image
Asomiya Pratidin
New Update
হায় অন্নদাতাৰ বিলৈ ! ঋণৰ বোজা সহিব নোৱাৰি ৭ কৃষকে বাছি ল'লে চৰম সিদ্ধান্ত

ডিজিটেল ডেস্ক : দেশত পুনৰ সংঘটিত হৈছে কৃষকৰ আত্মহননৰ ঘটনা। ঋণগ্ৰস্ত কৃষকে বাছি ল'লে জীৱনৰ চৰম সিদ্ধান্ত।

Advertisment

মহাৰাষ্ট্ৰৰ বিদৰ্ভত অঞ্চলত সংঘটিত এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। গণেশ চতুৰ্থীৰ সময়ছোত ৭২ ঘণ্টাত ৭গৰাকী ঋণগ্ৰস্ত কৃষকে আত্মহত্যা কৰা তথ্য পোহৰলৈ আহিছে।

ৰাজ্যখনৰ য়াবতমালত ৬জন আৰু ৱাৰ্ধাত ১জন কৃষকে পৃথক পৃথক সময়ত জীৱনৰ চৰম সিদ্ধান্ত বাছি লয়। ঘটনা সন্দৰ্ভত বিদৰ্ভ জন আন্দোলনৰ সমিতিৰ সভাপতি কিশোৰ তিৱাৰীয়ে এই কথা জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে প্ৰকাশিত তথ্য মতে, ৰাজ্যখনত চলিত বৰ্ষত ১,৫৮৬ গৰাকী কৃষকে আত্মহননৰ পথ বাছি ল'বলৈ বাধ্য হৈছে।

Also Read: শীৰ্ষত মহম্মদ চিৰাজ

farmer maharashtra