দিল্লীৰ কঁপাবলৈ সাজু ২ শতাধিক কৃষক সংগঠন

দিল্লীৰ কঁপাবলৈ সাজু ২ শতাধিক কৃষক সংগঠন

ডিজিটেল ডেস্কঃ দিল্লীৰ মনচদ কঁপাবলৈ সাজু ২ শতাধিক কৃষক সংগঠন। আজি কৃষকৰ দিল্লী চলো কাৰ্যসূচী। একাধিক দাবীৰ সমৰ্থনত আন্দোলন কৃষক সংগঠনসসমূহৰ। কৃষকৰ ঋণ মাফ, গোচৰ প্ৰত্যাহাৰ, নূন্যতম সমৰ্থিক মূল্য প্ৰদান, কৃষক আৰু কৃষি ক্ষেত্ৰত নিয়োজিত শ্ৰমিকৰ পেঞ্চন ব্যৱস্থাকে ধৰি একাধিক দাবীৰ সমৰ্থনত পুনৰ আন্দোলনত নামিছে কৃষক সংগঠন সমূহ।

কৃষকৰ প্ৰতিবাদ ৰোধিবলৈ সাজু হৈছে আৰক্ষী প্ৰশাসন। দিল্লীৰ প্ৰৱেশ পথসমূহত বেৰিকেড স্থাপনেৰে প্ৰতিবাদকাৰীক বাধা দিবলৈ সাজু হৈছে আৰক্ষী প্ৰশাসন। এমাহৰ বাৰে দিল্লীত জাৰি কৰা হৈছে ১৪৪ ধাৰা ।

সোমবাৰে কৃষক সংগঠন আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হোৱা আলোচনাৰ সময়ত দুয়োপক্ষৰ মাজত এখন বৈঠক অনুষ্ঠিত কৰিছিল। এই বৈঠকত কোনো চুক্তি সম্পাদন নোহোৱাত মঙ্গলবাৰে দিল্লী অভিমুখে ‘দিল্লী চলো’ পদযাত্ৰা আৰম্ভ কৰে। কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতিৰ প্ৰতিবাদ জনাই পঞ্জাৱ, হাৰিয়ানাৰ কৃষকসকলে পুনৰ এই  পদযাত্ৰা গ্ৰহণ কৰে ।

এই বৈঠকতে মঙ্গলবাৰৰ পুৱা ১০ বজা পৰ্যন্ত কোনো সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ দিল্লী কঁপাবলৈ সাজু হোৱা একাংশ কৃষক সংগঠনৰ নেতৃবৰ্গক আহ্বান জনাইছিল কেন্দ্ৰীয় চৰকাৰে । কিন্তু কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুন্দা আৰু পীয়ুষ গোৱেলৰ উপস্থিত হোৱা বৈঠক বিফল হোৱাত ‘দিল্লী চলো’ পদযাত্ৰা কৰাৰ সিদ্ধান্তত অটল হৈ থাকে ২ শতাধিক কৃষক।

দিল্লীৰ কঁপাবলৈ সাজু ২ শতাধিক কৃষক সংগঠন
বৰবৰুৱাৰ লেপেটকটাত ডঃ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ বাঁহৰ অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in