অব্যাহত প্ৰতিবাদঃ মৃত্যু ২৪ বছৰীয়া কৃষক শুভ কৰণ সিঙৰ

অব্যাহত প্ৰতিবাদঃ মৃত্যু ২৪ বছৰীয়া কৃষক শুভ কৰণ সিঙৰ

ডিজিটেল ডেস্কঃ প্ৰায় ৯ দিন ধৰি চলি আছে কৃষকৰ প্ৰতিবাদ। ইয়াৰ মাজতে এজন প্ৰতিবাদকাৰী কৃষকৰ মৃত্যু হোৱা বুলি বুধবাৰে খবৰ আহিছে। জানিব পৰা মতে হাৰিয়ানাৰ খানৌৰী সীমান্তত চলি থকা প্ৰতিবাদৰ মাজতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ হয়। কৃষক সংগঠন অল ইণ্ডিয়া কিষাণ সভাই অভিযোগ উত্থাপন কৰি কয় যে এই সংঘৰ্ষৰ মাজতেই এজন কৃষকৰ মৃত্যু হয়।

ইয়াৰ পছতে কৃষকসকলে দুদিনৰ বাবে দিল্লী চলো যাত্ৰা স্থগিত ৰাখিছে যদিও তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি জনায়।

মৃত্যু হোৱা কৃষকজন ২৪ বছৰীয়া শুভ কৰণ সিং বুলি জানিব পৰা গৈছে। চিকিৎসকে জনোৱা অনুসৰি গুলী লাগি আহত হৈছিল যুৱকজন। তেওঁ কয় যে ৩ জন যুৱকক চিকিৎসালয়লৈ লৈ অনা হৈছিল। ইয়াৰে দুজনৰ অৱস্থা বৰ্তমান সুস্থিৰ যদিও এজনৰ চিকিৎসালয়লৈ অনাৰ পূৰ্বে মৃত্যু হৈছিল।

হাৰিয়ানা আৰক্ষীয়ে এই মৃত্যুৰ খবৰ মিছা বুলি উল্লেখ কৰি কৈছে যে এয়া কেৱল অপ- প্ৰচাৰ চলিছে। কোনো কৃষকৰ মৃত্যু হোৱা নাই। আনহাতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে মৃত্যুৰ কথা নিশ্চিত কৰিছে।

উল্লেখ্য যে, বিভিন্ন দাবী উত্থাপন কৰি পঞ্জাৱৰ কৃষকসকলে বহু দিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে। ইতিমধ্যে চৰকাৰৰ লগত তেওঁলোকৰ ৪ বাৰকৈ আলোচনা হৈছে যদিও এতিয়ালৈকে সমাধান ওলোৱা নাই। ইয়াৰ মাজতে চৰকাৰে কৃষকসকলক পঞ্চম আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে।

অব্যাহত প্ৰতিবাদঃ মৃত্যু ২৪ বছৰীয়া কৃষক শুভ কৰণ সিঙৰ
সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক ৰাজহুৱা সম্বৰ্ধনা অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in