উত্তাল দিল্লীঃ প্ৰতিবাদকাৰী কৃষকলৈ কন্দুৱা গেছ, সীমান্তত কাইটীয়া বেৰ

উত্তাল দিল্লীঃ প্ৰতিবাদকাৰী কৃষকলৈ কন্দুৱা গেছ, সীমান্তত কাইটীয়া বেৰ

ডিজিটেল ডেস্কঃ বিভিন্ন দাবী উত্থাপন কৰি হাজাৰ হাজাৰ কৃষক ৰাওনা হৈছে দিল্লীলৈ। ইয়াৰ পূৰ্বে সোমবাৰে কেন্দ্ৰীয় চৰকাৰে এক বৈঠক অনুষ্ঠিত হৈছিল যদিও কোনো সমাধান নোলাল। যাৰ বাবে কৃষকসকলে দিল্লী চলো যাত্ৰা আৰম্ভ কৰে।

আনহাতে কৃষকসকলক বাধা দিবলৈ নিৰাপত্তা বাহিনীয়ে চেষ্টা অব্যাহত ৰাখিছে। আৰক্ষীয়ে ফেটেহগড় চাহেবৰ পৰা শম্ভু সীমান্তত সমবেত কৃষকসকলৰ ভিৰৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰে। যাৰ পাছত প্ৰতিবাদকাৰী কৃষকসকলৰ মাজত বিশৃংখলতাৰ সৃষ্টি হয়।

ইতিমধ্যেই দিল্লীলৈ আহিব পৰা সকলো সীমান্ত ছীল কৰি দিছে আৰক্ষীয়ে। সিংঘু সীমান্ত, টিকৰী সীমান্ত আৰু গাজীপুৰ সীমান্তত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰু প্ৰতিবাদকাৰীসকলৰ ৰখোৱাৰ চেষ্টা কৰি থকা হৈছে।

সীমান্তত কাঁইটীয়া তাঁৰৰ উপৰিও আৰক্ষীয়ে বেৰিকেড, ডাঙৰ চিমেণ্ট ব্লক আৰু অন্যান্য বেৰিকেড স্থাপন কৰিছে। সিংঘু সীমান্তত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰাৰ উপৰিও আৰক্ষীয়ে চিচিটিভি কেমেৰাও স্থাপন কৰিছে। ড্ৰোনৰ সহায়ত অঞ্চলটো নিৰীক্ষণ কৰা হৈছে। ইয়াৰ মাজতে ১২ মাৰ্চলৈকে দিল্লীত ১৪৪ ধাৰাও জাৰি কৰিছে।

সোমবাৰে চৰকাৰ আৰু কৃষকসকলৰ মাজৰ আলোচনা অমীমাংসিত হৈ থাকে। কৃষকসকলে এখন সংবাদমেল অনুষ্ঠিত কৰি কৈছিল যে চৰকাৰে এমএছপিৰ প্ৰতিশ্ৰুতি দিয়াৰ দুবছৰ পাৰ হৈ গৈছে। কিন্তু এতিয়ালৈকে এমএছপিৰ ব্যৱস্থা কৰা নাই। অতি শীঘ্ৰেই এমএছপিৰ ব্যৱস্থা কৰিব লাগে।

উত্তাল দিল্লীঃ প্ৰতিবাদকাৰী কৃষকলৈ কন্দুৱা গেছ, সীমান্তত কাইটীয়া বেৰ
মধুস্মিতাঃ মেধাৱী পিতৃৰ মেধাৱী কন্যা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in