মধুস্মিতাঃ মেধাৱী পিতৃৰ মেধাৱী কন্যা...

মধুস্মিতাঃ মেধাৱী পিতৃৰ মেধাৱী কন্যা...

এয়া আমাৰ বাবে আন এক গৌৰৱৰ ক্ষণ। খবৰ হ'ব নলগা বহু চুপতিজনক খবৰতকৈ এইবোৰ খবৰ আমাৰ বাবে সঁচাই গুৰুত্বপূৰ্ণ। তথাকথিত সংবাদ মাধ্যমৰ বাবে এনে খবৰৰ সন্ধান আৰু অন্বেষণৰ প্ৰৱণতা লাহে লাহে নাইকীয়া হৈ আহিছে।

হয়তো খবৰ হ'ব সৰস্বতী পূজাৰ প্ৰাকক্ষণত কোনে কেনেকৈ সাজ পোচাক পৰিধান কৰিছে, কোন ছাত্ৰী সৌন্দৰ্যৰ চৰ্চা কেনে হৈছে বা ভেলেন্টাইন দেত ক'ত কিমান ভিৰ আৰু কোনে কি কৰিলে।

সেইবোৰ খবৰৰ বিপৰীতে এই খবৰে সঁচা অৰ্থত দিব পাৰে প্ৰাপ্তি। ২০২৪ বৰ্ষৰ জেইই মেইনছ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল। কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পৰীক্ষা এক আধাৰ।

সদ্য ঘোষিত জেইই মেইনছ ২০২৪ ত অসমৰ এগৰাকী কন্য়াই ছাত্ৰীৰ ভিতৰত দেশৰ তৃতীয় শীৰ্ষ স্থান দখলেৰে উত্তীৰ্ণ হৈছে। এই মেধাৱী ছাত্ৰীগৰাকীৰ নাম মধুস্মিতা তালুকদাৰ।

মধুস্মিতাই মুঠ ৩০০ নম্বৰৰ ভিতৰত ২৯০ নম্বৰ লাভ কৰিছে। মধুস্মিতা বৰ্তমান পিতৃ তথা পৰিয়ালৰ সৈতে মুম্বাইত থাকে। তেওঁলোকৰ ঘৰ বৰপেটাৰ বহৰি সত্ৰত। সৰুৰে পৰাই বিভিন্ন ক্ষেত্ৰত মধুস্মিতাৰ প্ৰতিভা আৰু মেধাৰ প্ৰতিফলন ঘটি আহিছে।

মধুস্মিতাৰ পিতৃ ড০ প্ৰশান্ত কুমাৰ তালুকদাৰ। ১৯৮৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ অসমৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি উত্তীৰ্ণ হৈছিল। পৰৱৰ্তী সময়ত তেওঁ কটনৰ পৰা উচ্চতৰ মাধ্যমিক আৰু এনআইটিৰ পৰা ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল।

এই খবৰ পোৱাৰ পাছত মধুস্মিতাৰ পিতৃক অভিনন্দন জনাওতে তেওঁ উৎসাহেৰে কন্যাৰ এই সফলতাই সন্তোষ দিয়া বুলি জনালে। লগতে ক'লে জেইই এডভান্সতো ভাল ফলাফল তাই লাভ কৰিব বুলি আশা কৰি আছে আৰু তাইৰ ইচ্ছা আইআইটি বোম্বেত কম্পিউটাৰ চাইন্স পাঠ্যক্ৰম অধ্যয়ন কৰা।

জানিবলৈ মন গৈছিল অসমৰ সেই ১৯৮৬ চনত মেট্ৰিকত ষ্টেণ্ড কৰা মেধাৱী ছাত্ৰজনে কি কৰি আছে এতিয়া। মধুস্মিতাৰ পিতৃয়ে নিজৰ বিষয়ে জনালে যে তেওঁ এনআইটিৰ পৰা ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম সাং কৰি কলিকতাত এমবিএ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল।

তাৰপাছত বিদেশৰ এখন বিশ্ব বিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লৈ আইবিএম গ্লোবেল চেক্টৰৰ সৈতে জড়িত হৈ পৰে। তেওঁ ইয়াৰ কাৰ্যবাহী সঞ্চালকো আছিল। মাৰ্কেট চিমপ্লিচিটি ইণ্ডিয়াৰ গ্লোবেল ছীফ অফিচাৰ হিচাপে যথেষ্ঠ দিন তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

বৰ্তমান তেওঁ নিজাকৈ কোম্পানী গঠন কৰি গ্লোবেল বিজনেছ প্লেটফৰ্মৰ বেংক সম্পৰ্কীয় কাম-কাজত ব্যস্ত। দেউতাকৰ পৰাই মধুস্মিতাৰ সম্পৰ্কতো আন কিছু কথা জানিব পাৰিলো।

পঢ়া-শুনাৰ লগতে মধুস্মিতাই খুব ধুনীয়া নৃত্য কৰে। ওডিচি নৃত্যত মধুস্মিতাই প্ৰি বিশাৰদ। সংগীতৰ শিক্ষাও গ্ৰহণ কৰি আছে চণ্ডীগড়ৰ এখন বিশ্ববিদ্যালয়ৰ পৰা। তেওঁ ওডিচি নৃত্যৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰনালয়ে প্ৰদান কৰা সন্মানীয় চিচিআৰটি জলপানীও লাভ কৰিছে।

ভাল অংকন শিল্পীও মধুস্মিতা। পঢ়াৰ সমান্তৰালভাৱে এই সকলোবোৰতো ব্যস্ত থাকে এইগৰাকী মেধাৱী ছাত্ৰী। এগৰাকী অসম কন্যাৰ প্ৰতিষ্ঠাৰ বাটত এয়া এটা খোজহে। ভৱিষ্যতৰ দিনৰ বাবে মধুস্মিতাৰ সফলতা আৰু প্ৰতিষ্ঠাৰ এই বাট ৰাজ্যৰ আন মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে উৎসাহ আৰু প্ৰেৰণাৰ নিদৰ্শন হওক। অভিনন্দন মধুস্মিতা।

মধুস্মিতাঃ মেধাৱী পিতৃৰ মেধাৱী কন্যা...
বিধ্বস্ত অৰ্থনীতিত ভৰ দি চৰকাৰৰ চমক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in