স্থগিত 'দিল্লী চলো' কাৰ্যসূচী

সংযুক্ত কিষাণ মৰ্চাই ঘোষণা কৰে এই সিদ্ধান্ত।

author-image
Asomiya Pratidin
New Update
স্থগিত 'দিল্লী চলো' কাৰ্যসূচী

ডিজিটেল ডেস্কঃ কৃষকৰ দিল্লী চলো যাত্ৰাই আজি দ্বাদশটো দিনত ভৰি দিলে । প্ৰতিবাদী কৃষকসকলে বিগত ১১ দিন ধৰি পঞ্জাব আৰু হাৰিয়ানাৰ সীমান্তত এমএছপিৰ দাবীত আন্দোলন কৰি আছে । কিন্তু ২৯ ফেব্ৰুৱাৰীলৈ স্থগিত ৰখা হৈছে প্ৰতিবাদী কৃষকৰ দিল্লী চলো কাৰ্যসূচী । সংযুক্ত কিষাণ মৰ্চাই ঘোষণা কৰে এই সিদ্ধান্ত।

Advertisment

ইয়াৰ মাজতে হাৰিয়ানাৰ খানৌৰী সীমান্তত চলি থকা প্ৰতিবাদত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ হয়। কৃষক সংগঠন অল ইণ্ডিয়া কিষাণ সভাই অভিযোগ উত্থাপন কৰি কয় যে এই সংঘৰ্ষৰ মাজতেই এজন কৃষকৰ মৃত্যু হয়।

উল্লেখ্য যে, উল্লেখ্য যে, বিভিন্ন দাবী উত্থাপন কৰি সংযুক্ত কিষাণ মৰ্চা(অ-ৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাই ১৩ ফেব্ৰুৱাৰীত ''দিল্লী চলো''ৰ আহ্বান জনাইছিল। ইয়াৰ অধীনত ২০০ তকৈ অধিক কৃষকে তেওঁলোকৰ দাবীসমূহ ৱৈ দিল্লীলৈ পদযাত্ৰা কৰিব। তেওঁলোকৰ দাবীৰ ভিতৰত আছে শস্যৰ বাবে নিম্নতম সমৰ্থন মূল্য (এমএছপি) নিশ্চিত কৰাৰ বাবে আইন প্ৰস্তুত কৰা। তেওঁলোকৰ দাবীসমূহ যাতে চৰকাৰে মানি লয় তাৰ বাবে তেওঁলোকৰ এই প্ৰতিবাদমূলক কাৰ্যসূচী। ইতিমধ্যে চৰকাৰৰ লগত তেওঁলোকৰ ৪ বাৰকৈ আলোচনা হৈছে যদিও এতিয়ালৈকে সমাধান ওলোৱা নাই।

Also Read: চৰাইদেউত 'মাই কৌ চুম ফাই' উৎসৱ পালন

india govt FARMER PROTEST delhi chalo