চৰাইদেউত 'মাই কৌ চুম ফাই' উৎসৱ পালন

চৰাইদেউত  'মাই কৌ চুম ফাই' উৎসৱ পালন

ডিজিটেল সংবাদ, মথুৰাপুৰঃ দক্ষিণ পূৱ এচিয়াত বাস কৰা বৌদ্ধ ধৰ্মাৱবলম্বী টাই সকলৰ লগতে চৰাইদেউ জিলাৰ চলা শ্যাম গাৱঁৰ টাই খাময়াং সকলেও ২৩-২৪ ফেব্ৰুৱাৰীত "মাই কৌ চুম ফাই" উৎসৱ পালন কৰে ৷ এই উপলক্ষে প্ৰথম দিনা সন্ধিয়া কাঠৰ মেজি নিৰ্মাণ কৰি আৰু ধৰ্মীয় পঞ্চশীল গ্ৰহণ কৰি মেজিত জুই দিয়া হয় ৷ টাই ভাষাত "মাই" মানে খৰি "কৌ" জাপি দিয়া "চুম" মানে সংযোগ কৰা আৰু "ফাই" মানে জুই ৷

দ্বিতীয় দিনা পুৱা বিশেষ খাদ্য "খাও যা কু" প্ৰস্তুত কৰি আপ্যায়ন কৰা হয় ৷ টাই বৌদ্ধ সকলৰ বিশ্বাস অনুসৰি চাউল আৰু বিভিন্ন ধৰনৰ ঘৰুৱা আৰু বনৰীয়া শাক পাতৰ সংমিশ্ৰনেৰে প্ৰস্তুত কৰা "খাও যা কু"খালে মানুহ নিৰোগী হৈ থাকে ৷ ইয়াৰ পাছত বৌদ্ধ বিহাৰত "খাম চিন থম ট্ৰা" কৰি এই উৎসৱৰ সামৰণি মৰা হয় ৷"মাই কৌ চুম ফাই" উৎসৱক টাই বৌদ্ধ সকলে তথাগত বুদ্ধৰ আয়ুস ক্ষয়ৰ দিন বুলি বিশ্বাস কৰি আহিছে ৷

উল্লেখযোগ্য বহাগী পুৰ্ণিমাত যে নিজৰ মৃত্যু ঘটিব সেই কথা বুদ্ধই নিজেই মাঘী পুৰ্ণিমাৰ দিনাই শিষ্য বৰ্গক ব্যক্ত কৰিছিল ৷ বৌদ্ধ গ্ৰন্থত উল্লেখ থকা উক্ত ঘটনাৰ আলম লৈয়েই সমগ্ৰ দক্ষিণ পূৱ এচিয়াৰ টাই বৌদ্ধ সকলে এই উৎসৱ পালন কৰাৰ উপৰিও অসমত আৰু অৰুণাচলত বাস কৰা টাই খাময়াং, টাই ফাকে, টাই আইতন, টাই তুৰুং , টাই খামটি সকলৰ লগতে চিংফৌ সকলেও এই উৎসৱৰ পালন কৰে ৷

চৰাইদেউত  'মাই কৌ চুম ফাই' উৎসৱ পালন
নৰ্থ ইষ্ট মেডিয়া ক্ৰিকেট টুৰ্ণামেণ্ট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in