প্ৰতিবাদস্থলীতে কৃষকৰ মৃত্যুঃ আছিল ৮ লাখ টকাৰ ঋণৰ বোজা...

খনৌৰী সীমান্তত বৃহস্পতিবাৰে নিশা অসুস্থ হৈছিল তেওঁ
প্ৰতিবাদস্থলীতে কৃষকৰ মৃত্যুঃ আছিল ৮ লাখ  টকাৰ ঋণৰ বোজা...
প্ৰতিবাদস্থলীতে কৃষকৰ মৃত্যুঃ আছিল ৮ লাখ টকাৰ ঋণৰ বোজা...

ডিজিটেল ডেস্কঃ কৃষকৰ দিল্লী চলো যাত্ৰাৰ মাজতে দিল্লী সীমান্তত আৰু এজন প্ৰতিবাদী কৃষকৰ মৃত্যু হৈছে। হাৰিয়ানাৰ খনৌৰী সীমান্তত বৃহস্পতিবাৰে নিশা অসুস্থ হৈ পৰা এই কৃষকজনৰ পৰৱৰ্তী সময়ত মৃত্যু হয়।

মূৰত ৮ লাখ টকাৰ ঋণৰ বোজা লৈ আন্দোলনত চামিল হোৱা এই কৃষকজনৰ আশা আছিল চৰকাৰে কৃষি ঋণ মাফ কৰিব আৰু তেওঁ ঋণমুক্ত হ'ব পাৰিব। সেই আশা লৈয়ে তেওঁ আন্দোলনত চামিল হৈ শেষ নিশ্বাস ত্যাগ কৰিলে।

মৃত কৃষকগৰাকীৰ নাম দৰ্শন সিং। ৬২ বছৰীয়া এই কৃষকগৰাকী ভাতিন্দাৰ আমৰগড় গাঁৱৰ বাসিন্দা। বিগত ১৩ ফেব্ৰুৱাৰীৰ পৰা দৰ্শন সিঙে খনৌৰী সীমান্তত আন আন কৃষক সৈতে অৱস্থান কৰি আছিল।

বৃহস্পতিবাৰে মধ্যৰাতি আন্দোলনস্থলীতে অসুস্থ হৈ সংজ্ঞাহীন হৈ পৰে। লগে লগে তেওঁক কাষৰ হাস্পতাললৈ লৈ যোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে পাটিয়ালালৈ প্ৰেৰণ কৰে। নিশাই পাটিয়ালাৰ ৰাজেন্দ্ৰ হাস্পতালত ভৰ্তি কৰোৱাৰ পাছত তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য, আমৰগড় গাঁৱত ৮ একৰ ভূমিৰ গৰাকী আছিল এই কৃষকগৰাকী। তেওঁৰ মূৰত আছিল ৮ লাখ টকাৰ ঋণৰ বোজা। আন্দোলনকাৰী কৃষক সংগঠনসমূহে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে।

তেওঁলোকৰ দাবী এইদৰে প্ৰাপ্য আদায়ৰ বাবে সীমান্তত অৱস্থান কৰি থকা কৃষকসকলৰ আৰু বহুতেই হয়তো এনেকৈ থাকিলে প্ৰাণ ত্যাগ কৰিবলগীয়া হ'ব। সেয়ে শীঘ্ৰেই চৰকাৰে তেওঁলোকৰ দাবী মানি ল'ব লাগে।

স্মৰ্তব্য, এইবাৰৰ কৃষক বিদ্ৰোহত প্ৰথমগৰাকী কৃষকৰ মৃত্যু হৈছিল বুধবাৰে। ২১ বছৰীয়া শুভকৰণ সিং নামৰ কৃষকজনে একে স্থানতে মৃত্যুবৰণ কৰিছিল। প্ৰতিবাদৰ সময়ত আৰক্ষীৰে হোৱা হতাহতিৰ সময়ত তেওঁ মূৰত আঘাত পাইছিল। ইয়াৰ পিছত হাস্পতালত ভৰ্তি কৰাৰ পিছত তেওঁক মৃত ঘোষণা কৰা হৈছিল। ইয়াৰ পূৰ্বেও অসুস্থতাৰ বাবে সীমান্তত কৃষকৰ মৃত্যু হৈছে।

বিগত ১৩ ফেব্ৰুৱাৰীত দিল্লী চলো যাত্ৰাৰ আহ্বান কৰিছিল পঞ্জাৱ, হাৰিয়ানা আদিৰ কিছু কৃষক সংগঠনে। তেওঁলোকৰ দাবী কেন্দ্ৰীয় চৰকাৰৰ কাষলৈ নিবলৈ আৰু সেই দাবী পূৰণ কৰিবলৈ আৰম্ভ কৰা এই দিল্লী চলো যাত্ৰা সীমান্তত আৱদ্ধ হৈ আছে।

কোনো কাৰণতে যাতে তেওঁলোক দিল্লীত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সীমান্তত দিল্লী আৰক্ষীয়ে অভেদ্য দূৰ্গ নিৰ্মাণ কৰি তুলিছে। তাৰ মাজতো দিল্লীত প্ৰৱেশৰ বাবে চেষ্টা অব্যাহত ৰখা কৃষকসংগঠনসমূহৰ নিৰাপত্তাৰক্ষীৰে প্ৰায় প্ৰতিদিনেই সংঘৰ্ষ হৈছে। ইতিমধ্য কেন্দ্ৰীয় চৰকাৰৰ সৈতেও তেওঁলোকৰ কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে। কিন্তু আটাইকেইখন বৈঠকেই ব্যৰ্থ হৈছে।

প্ৰতিবাদস্থলীতে কৃষকৰ মৃত্যুঃ আছিল ৮ লাখ  টকাৰ ঋণৰ বোজা...
পৰিবনে অন্ত তন্ত্ৰ-মন্ত্ৰ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in