পৰিবনে অন্ত তন্ত্ৰ-মন্ত্ৰ?

পৰিবনে অন্ত তন্ত্ৰ-মন্ত্ৰ?

সন্মোহনী, তন্ত্ৰ-মন্ত্ৰ, বেজালিৰ দৰে অন্ধ বিশ্বাসৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ১০ ফেব্ৰুৱাৰী, ২০২৪ ত অনুষ্ঠিত কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এই ধৰণৰ আভুৱা ভৰা চিকিৎসা পদ্ধতি নিষেধ কৰিবৰ বাবে ৰাজ্যচৰকাৰে এখন বিধেয়ক উত্থাপন কৰিলে।

আছাম হিলিং প্ৰিভেনশ্যন অৱ্ ইভিল প্ৰক্টিছ বিল নামৰ এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছত এই ধৰণৰ কাৰ্য অপৰাধমূলক কাৰ্য হিচাপে গন্য় কৰা হ'ব। এনে কাৰ্যৰ সৈতে জড়িতসকলক জৰিমণা আৰু কাৰাবাসৰ বিধান থাকিব।

অন্ধ বিশ্বাসৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ এয়া এক উল্লেখযোগ্য পদক্ষেপ। বিজ্ঞান মনস্কতাৰে এনেবোৰ দিশত চৰকাৰে লোৱা পদক্ষেপ আদৰণিৰ যোগ্য। সভ্যতাৰ বিপৰীতে এই অন্ধ বিশ্বাসবোৰ আমাৰ বাবে এক ডাঙৰ সমস্যা হৈ থিয় দি আহিছে।

চৰ্চাত আছে এটা শিৱ মন্দিৰ। শিৱসাগৰৰ নাজিৰাত এগৰাকী মহিলাৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা অগ্নিনাভ শিৱ মন্দিৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। সেই বিতৰ্কৰ কাৰণ হ'ল শিৱক কেন্দ্ৰ কৰি এক ব্যৱসায় ডিজিটেল মাধ্যমৰ জৰিয়তে গঢ়ি তোলা।

এতিয়া মানুহৰ বিচাৰ-বিবেচনা কোনোবাখিনিত ৰৈ গৈছে। বিশ্বাসৰ মাজেৰে বহুতে এনে পূজা-অৰ্চনাৰ জৰিয়তে প্ৰাপ্তিৰ সুখ লাভ কৰিছে।সেই তথ্য-প্ৰযুক্তিৰ আধাৰত গঢ় লৈ উঠা ধৰ্মীয় চেতনাত প্ৰবাহিত ইশ্বৰবোধক স্বীকাৰ কৰা লোকৰ সংখ্যাও কম নহয়।

আৰাধনা আৰু বিশ্বাস ব্যক্তিগত বিষয়। ইয়াক সাৰ্বজনীন ৰূপ দি কোনোবাই কৰবাত ইশ্বৰৰ নামত ব্যৱসায় কৰিব পৰাকৈ আমি মূৰ্খ হৈ পৰাটোৱেই চিন্তনীয় দিশ। মানুহৰ এনে মানসিকতাৰ বাস্তৱ প্ৰতিফলন ঘটিছিল বলিউডৰ ছবি ''অ' মাই গডত''।

যিসকলে আমাক অন্ধবিশ্বাস মুক্ত এখন সমাজৰ সপোন দেখুৱাই তেওঁলোকো পৰোক্ষ, প্ৰত্যক্ষভাৱে সেই হাতোৰাত বন্দী। ক'ব পাৰে জ্যোতিষ শাস্ত্ৰৰ বৈজ্ঞানিক ভিত্তি আছে। নেতাসকলে হাতত পিন্ধা মণি-মুকুতাৰ বহু সমস্যাৰ সমাধানৰ পথ বুলি তেওঁলোকৰ বিশ্বাসক কোনোৱে বাধা দিব নোৱাৰে।

ৰাজ্যৰ এজন জ্যোতিষবিদৰ মতে তেওঁ বহু ৰাজনৈতিক নেতাক জ্যোতিষ শাস্ত্ৰৰ বিধানমতে মণি-মুকুতাৰ আঙুঠি পৰিধানৰ বিধান দিছে। সেই সংখ্যা কম নহয়। মূলত ৰুবী আৰু ৰক্ত প্ৰৱাল নেতাৰ বাবে পৰিধান কৰাতো গুৰুত্বপূৰ্ণ বুলি তেওঁ ভাৱে।

এই বিশ্বাসৰ আধাৰ কি তাৰ মূল্যায়ন কেতিয়াও হোৱা নাই। কিন্তু নেতাসকলে ভাৱে ৰুবী পিন্ধিলে ক্ষমতালাভৰ সুযোগ লাভ কৰে। একেদৰে ৰক্ত প্ৰৱাল পৰিধান কৰিলে শত্ৰু হানি হয়, ৰাজযোগ ঘটে।

নেতাৰ এই বিশ্বাসক কোনোৱে বাধা দিব নোৱাৰে। জ্যোতিষীয়ে বিদ্যাৰ বাবে পান্না, ধনৰ বাবে পোখৰাজ, দুৰ্ঘটনাৰ প্ৰতিৰোধ, উন্মাদ, অশান্তি আৰু ৰোগ নিৰাময়ৰ বাবে মানুহক নিলম পিন্ধাৰ উপদেশ দিয়ে।

বহুতৰ মতে ইয়াৰ পৰা সফলতা পোৱা যায়। ক্ষমতাধাৰী নেতাই তন্ত্ৰ-মন্ত্ৰৰ আশ্ৰয় লয়। যজ্ঞ-মহাযজ্ঞ পাতি শক্তিৰ আৰাধনা কৰে। তান্ত্ৰিকৰ কাষলৈ গৈ আগতীয়াকৈ নিজৰ ব্যক্তিগত আৰু ৰাজনৈতিক সফলতাৰ বাবে পূজা-অৰ্চনাত বহে।

নাম নক'লেও তেনে বহু নেতাৰ নাম ৰাইজে জানে। লগতে তেওঁলোকে পৰিধান কৰে দুই হাতত জ্যোতিষীয়ে দিয়া বিধান মতে ৰত্ন বা মণি-মুকুতাযুক্ত আঙুঠি। কি শাসক, কি বিৰোধী প্ৰায় সকলোৰে হাতৰ আঙুলিত সেইবোৰ জিলিকি থাকে।

অতি শেহতীয়াকৈ যদি আপুনি তেনে নেতাৰ ছবি বা ভিডিঅ' ভালদৰে লক্ষ্য কৰে সেই দৃশ্য সহজতে দেখা পাব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সোঁহাতত আছে ৪ টা আঙুঠি, বাঁওহাততো এটা আঙুঠি পৰিধান কৰে তেওঁ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দুহাততো দেখিবলৈ পোৱা যায় কেইবাটাও আঙুঠি। ১৫ ফেব্ৰুৱাৰী ২০২৪ ৰ এখন ফটোত মুখ্যমন্ত্ৰীৰ সোঁ আৰু বাঁওহাতত এটাকৈ আঙুঠি পৰিধান কৰি থকা দেখিবলৈ পোৱা গৈছিল।পূৰ্বতে তেওঁ এখন হাতত ৪ টাকৈ আঙুঠিও পৰিধান কৰিছিল।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ৰাজহুৱা হোৱা ফটোবোৰত দেখা পোৱা যায় বাঁওহাতত তেওঁৰ ৩ টাকৈ আঙুঠি পৰিধান কৰিছে। এতিয়া অৱশ্যে সেই আঙুঠিবোৰ পৰিধান কৰি আছে নে নাই জনা নাযায়।

পিযুষ হাজৰিকাৰ বাঁওহাতত জিলিকি থাকে এটা আঙুঠি। মন্ত্ৰী জয়ন্ত মল্লৰ সোঁহাতত দুটা, বাঁওহাতত এটা আঙুঠি দেখিবলৈ পোৱা যায়। ৰঞ্জিত দাসৰ হাতত অৱশ্যে কোনো আঙুঠি নাই।

চন্দ্ৰমোহন পাটোৱাৰীৰ দুই হাতত আছে ৩ টা আঙুঠি। তাৰেই দুটা বাঁওহাতত, এটা সোঁহাতত। কৃষিমন্ত্ৰী অতুল বৰাৰ দুই হাতত থকা আঙুঠিৰ সংখ্যা ৭ টা। ইয়াৰে ৩ টা বাঁওহাতত, ৪ টা সোঁহাতত।

মন্ত্ৰী কেশৱ মহন্তৰ দুই হাতত থকা আঙুঠিৰ সংখ্যা মন্ত্ৰী অতুল বৰাতকৈ এটা কম। তেওঁ দুখন হাতত ৩ টাকৈ আঙুঠি পৰিধান কৰে। লুৰিণজ্যোতি গগৈৰ সোঁহাতত থকা আঙুঠিৰ সংখ্যা ২টা। সম্ভৱত তাৰে এটা ৰক্ত প্ৰৱাল।

ভূপেন বৰাৰ হাততো আছে আঙুঠি। সোঁহাতত তেওঁ একমাত্ৰ আঙুঠিটো পৰিধান কৰি আছে। ৰনোজ পেগু,বদৰুদ্দিন আজমল,অখিল গগৈ, ৰকিবুল হুচেইন আদিৰ হাতত অৱশ্যে আঙুঠি নাই।

বিধায়ক দিগন্ত কলিতাই সোঁহাতত ৩ টা, ভুৱন পেগুৱে বাঁওহাতত দুটা, পৰিমল শুক্লবৈদ্যই দুই হাতত এটাকৈ আঙুঠি পিন্ধে। মন্ত্ৰী যোগেন মোহনৰ বাঁওহাতত ৩ টা আৰু সোঁহাতত দুটা আঙুঠি আছে।

ছাত্ৰ নেতা সমুজ্জ্বল ভট্টাচাৰ্যৰ আঙুঠিৰ প্ৰতি আছে দুৰ্বলতা। সোঁহাতত ৪ টা, বাঁওহাতত দুটা আঙুঠি পৰিধান কৰে তেওঁ। কোনো কেইটা আঙুঠি পৰিধান কৰিছে সেয়া আমাৰ বিচাৰ্য বিষয় নহয়। আমাৰ বিচাৰ্য বিষয় এয়াহে যে নেতসকলেও এনেকৈয়ে এক অন্ধবিশ্বাস কঢ়িয়াই লৈ ফুৰে নেকি?

পৰিবনে অন্ত তন্ত্ৰ-মন্ত্ৰ?
'ষ্টৰীটেল'ৰ ষ্টৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in