চাবোন বনোৱা ফেক্টৰীত বিস্ফোৰণঃ ৪ জনৰ মৃত্যু...

চাবোন বনোৱা ফেক্টৰীত বিস্ফোৰণঃ ৪ জনৰ মৃত্যু...
চাবোন বনোৱা ফেক্টৰীত বিস্ফোৰণঃ ৪ জনৰ মৃত্যু...

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মেৰঠৰ এটা চাবোন নিৰ্মাণ কৰা কাৰখানাত সংঘটিত হৈছে এক ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত ৪ জনকৈ লোকৰ মৃত্যু হৈছে। আনহাতে আহত হৈছে আন বহু কেইজন লোক।  আহত লোকসকলক ততাতৈয়াকৈ নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীৰ ভাষ্য অনুসৰি মিৰাটৰ লৌহিয়া নগৰৰ এটা অট্টালিকাত চাবোন তৈয়াৰ কৰা এটা কাৰখানা আছিল। আৰু ইয়াত চাবোন তৈয়াৰ কৰি থকাৰ সময়তে বিস্ফোৰণ সংঘটিত হৈ অট্টালাকিৰ ছাদ খহি পৰে। ফলত তাত উপস্থিত থকা ৪ জনকৈ লোকৰ মৃত্যু হয়।

এই সন্দৰ্ভজ জিলা মেজিষ্ট্ৰেট দীপক মীনাই সংবাদ মাধ্যমৰ আগত কয়, মৃত্যু হোৱা লোকসকলৰ আটাইকেইগৰাকী পুৰুষ। আনহাতে ৫ গৰাকী লোক আহত হৈছে। তেওঁ কয়, অট্টালিকাটোত বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে কিছু মেচিন পোৱা হৈছে। যাৰ পৰা জানিব পৰা গৈছে বিস্ফোৰণ সংঘটিত হোৱা স্থানত চাবোন বোনাৱা হৈছিল বা চাবোনৰ পেকেজিং কৰা হৈছিল।

আৰক্ষীয়ে কয়, বিস্ফোৰণস্থলীক কিছু বগা পাউদাৰ পোৱা গৈছে। ইয়াৰোপৰি আছে এটা কম্প্ৰেছিং ইউনিট। সেয়ে এই বিস্ফোৰণ চাবোন তৈয়াৰ কৰাত ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থৰ ফলত হোৱা বুলি অনুমান কৰা হৈছে।

চাবোন বনোৱা ফেক্টৰীত বিস্ফোৰণঃ ৪ জনৰ মৃত্যু...
পুৱা বিচনাৰ পৰা গ্ৰেপ্তাৰ পঞ্জাৱৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক কুলদীপ সিংক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in