/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/c0666739-28e0-47e1-9e25-b75dbdc04d42/punjab_17.jpg)
পুৱা বিচনাৰ পৰা গ্ৰেপ্তাৰ পঞ্জাৱৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক কুলদীপ সিংক...
ডিজিটেল ডেস্কঃ পঞ্জাৱৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক কুলবীৰ সিং জীৰাক গ্ৰেপ্তাৰ। বিধায়কগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছিল গুৰুতৰ অভিযোগ।
উল্লেখ্যে যে, পঞ্জাৱৰ ফিৰোজপুৰৰ নিজা বাসগৃহৰ পৰা কংগ্ৰেছৰ প্ৰাক্তন বিধায়কগৰাকীক পুৱা ৪ বজাতেই গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ বিৰুদ্ধে বি ডি পি অ’ বিভাগলৈ গৈ চৰকাৰী দায়িত্বত বাধা দিয়াৰ লগতে তথ্য বিনষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
কুলবীৰ সিং জীৰাৰ গ্ৰেপ্তাৰৰ পাছতে তেওঁৰ বৃহৎ সংখ্যক সমৰ্থক একত্ৰিত হৈ ভগৱত মান চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইফালে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছতে তেওঁক চিভিল হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে।
হাস্পতালৰ বাহিৰত কুলদীপ সিং জীৰাই সংবাদ মাধ্যমৰ আগত কয়, আম আদমী পাৰ্টিৰ চৰকাৰে জনতাক বুৰ্বক বনাইছে। তেওঁ দাবী কৰি কয়, তেওঁ জেলৰ পৰা বাহিৰলৈ অহাৰ পাছত আম আদমী পাৰ্টিৰ চৰকাৰৰ মুখা খুলিব।
এই সন্দৰ্ভত কংগ্ৰেছ নেতা আংশু বাংগৰে কয়, তেওঁৰ দলৰ কৰ্মীসকলে শীন্তিপূৰ্ণ প্ৰতিবাদ কৰিবলৈ গৈছিল। কিন্তু চৰকাৰ কুচক্ৰান্তত লিপ্ত হৈছে।
Also Read: মিচিং জনগোষ্ঠীয় ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে ভূপেন বৰাই...