কোকৰাঝাৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন...

কোকৰাঝাৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন...
কোকৰাঝাৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন...

ডিজিটেল ডেস্কঃ কেবিনেট বৈঠকৰ পাছত বিধানসভাৰ অধিৱেশনো সম্প্ৰসাৰিত হ’ব ৰাজ্যৰ বিভিন্ন জিলালৈ। এতিয়াৰে পৰা বিধানসভাৰ অধিৱেশন কেৱল দিছপুৰতেই সীমাৱদ্ধ হৈ নাথাকে।

বিধানসভাক ৰাইজৰ কাষলৈ লৈ যোৱাৰ বাবে এতিয়াৰে পৰা বিভিন্ন জিলাত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন। সেই অনুসৰি অসম বিধানসভাৰ পৰৱৰ্তী বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব কোকৰাঝাৰত। 

এই সন্দৰ্ভত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বাজেট অধিৱেশনৰ অন্তিমটো দিনত বিধানসভাত কয় যে, বিধানসভাৰ কাম-কাজ ৰাইজৰ কাষলৈ লৈ যোৱাৰ বাবে বিধানসভাৰ অধিৱেশন অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰাৰ বাবে চিন্তা চৰ্চা কৰা হৈছে।

সেই অনুসৰিয়েই বিধানসভাৰ আগন্তুক বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব কোকৰাঝাৰত। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সহাৰী জনাইছে।  

কোকৰাঝাৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন...
গজ মহোৎসৱ উপলক্ষে কাজিৰঙাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ, মহোৎসৱৰ বন্তি প্ৰজ্বলন কৰিলে ৰাষ্ট্ৰপতিয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in