সকলোতে উপস্থিত হয় তেওঁ, উপস্থিত নহয় ইডিৰ কাৰ্যালয়ত...

ৰাউজ এভিনিউ আদালতৰ কাষ চাপিছে ইডি
সকলোতে উপস্থিত হয় তেওঁ, উপস্থিত নহয় ইডিৰ কাৰ্যালয়ত...
সকলোতে উপস্থিত হয় তেওঁ, উপস্থিত নহয় ইডিৰ কাৰ্যালয়ত...

ডিজিটেল ডেস্কঃ সকলো চৰকাৰী অনুষ্ঠানত তেওঁ উপস্থিত থাকে। উপস্থিত থাকে ৰাজনৈতিক দলৰ বৈঠকত। ভাগ লয় নিৰ্বাচনী প্ৰচাৰত। নিজ কাৰ্যালয়, বিধানসভা সকলোতে সময়ত উপস্থিত হয় তেওঁ। কেৱল উপস্থিত নহয় প্ৰৱৰ্তন সঞ্চালকালয় অৰ্থাৎ ইডিৰ কাৰ্যালয়ত।

বাৰে বাৰে ইডিয়ে তেওঁলৈ চমন প্ৰেৰণ কৰিছে যদিও প্ৰতিখন চমনেই আওকাণ কৰি আহিছে তেওঁ। আনকি কেজৰিৱালৰ এনে আচৰণত অতিষ্ঠ হৈ দিল্লীৰ এখন আদালতৰো কাষ চাপিছিল ইডি।

কিন্তু সেইবাৰো তেওঁ আদালতত শাৰীৰিকভাৱে উপস্থিত নহৈ ভাৰ্ছুৱেলীহে উপস্থিত হ'ল। তাৰোপৰি ১৬ মাৰ্চলৈকে ইডিৰ কাৰ্যালয়ত তেওঁ উপস্থিত হ'ব নালাগে বুলিও সেইবাৰ আদালতে জনাই দিয়ে। এনে পৰিস্থিতিত পুনৰ আদালতৰ কাষ চাপিল ইডি।

বুধবাৰে ইডিয়ে দিল্লীৰ ৰাউজ এভিনিউ আদালতৰ কাষ চাপিছে। আদালতক ইডিয়ে জনাইছে কেজৰিৱালক চমন পঠালেও তেওঁ সেই চমনৰ সহাৰি নিদিয়ে। ইডিয়ে তলব কৰিলেও তেওঁলোকৰ কাষত কেজৰিৱাল হাজিৰ নহয়। ইয়াৰ বিপৰীতে প্ৰতিবাৰেই কিবা নহয় কিবা কাৰণ দেখুৱাই চমন অগ্ৰাহ্য কৰি আহিছে।

দিল্লীৰ আৱকাৰী দুৰ্নীতি গোচৰত কেজৰিৱাললৈ মুঠ ৮ বাৰ চমন জাৰি কৰিছে ইডিয়ে। এই ৮ বাৰেই কেজৰিৱালে চমনৰ কোনো সহাৰি দিয়া নাই। কেজৰিৱালৰ বিৰুদ্ধে ইডিৰ অভিযোগ বেআইনীভাৱে দিল্লীত মদৰ দোকানৰ অনুমোদন দিয়াৰ ক্ষেত্ৰত ১০০ কোটি টকাৰ ঘোচ লৈছে। এই গোচৰত ইডিৰ এখন চাৰ্জশ্বীটত অৰবিন্দ কেজৰিৱালৰ নামো উল্লেখ আছে।

ইডিৰ এই অভিযোগৰ পাছতে ৰাউজ এভিনিউ আদালতে জনাইছে যে, এই গোচৰৰ শুনানি গ্ৰহণ কৰিব। বৃহস্পতিবাৰে দিল্লীৰ এই আদালতৰ অতিৰিক্ত চিফ মেট্ৰোপলিটান মেজিষ্ট্ৰেট দিব্যা মালহোত্ৰাই এই গোচৰৰ শুনানি গ্ৰহণ কৰিব।

সকলোতে উপস্থিত হয় তেওঁ, উপস্থিত নহয় ইডিৰ কাৰ্যালয়ত...
মোডীৰ অসম ভ্ৰমণঃ আছুৱে বাতিল কৰিলে কা- বিৰোধী প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in