ট্ৰেক্টৰৰ সৈতে বিমানৰ দুৰ্ঘটনাঃ যাত্ৰীৰ সুৰক্ষাক লৈ হেতালি এয়াৰ ইণ্ডিয়াৰ !

পুনে বিমানবন্দৰত কল্পনাতীত দুৰ্ঘটনা
ট্ৰেক্টৰৰ সৈতে বিমানৰ দুৰ্ঘটনাঃ যাত্ৰীৰ সুৰক্ষাক লৈ হেতালি এয়াৰ ইণ্ডিয়াৰ !
ট্ৰেক্টৰৰ সৈতে বিমানৰ দুৰ্ঘটনাঃ যাত্ৰীৰ সুৰক্ষাক লৈ হেতালি এয়াৰ ইণ্ডিয়াৰ !

ডিজিটেল ডেস্কঃ কেতিয়াও কোনেও কল্পনা নকৰা এক দুৰ্ঘটনা। যাত্ৰীবাহী বিমানৰ ট্ৰেক্টৰৰ সৈতে দুৰ্ঘটনা। কল্পনাতীত এই দুৰ্ঘটনা আজি পুনে বিমান বন্দৰত সংঘটিত হৈছে। ইয়াৰ পিছতেই যাত্ৰীৰ সুৰক্ষাক লৈ সৃষ্টি হৈছে নানান প্ৰশ্ন।

উল্লেখ্য যে, পুনে বিমানবন্দৰৰ 'টেক্সিৱে'ত যাত্ৰীৰ সামগ্ৰী কঢ়িওৱা এখন ট্ৰেক্টৰৰ সৈতে এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ মুখামুখি সংঘৰ্ষ হয়। ফলত বিমানখন সন্মুখৰ চকাৰ লগতে আন অংশও ক্ষতিগ্ৰস্ত হয়। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই। এই দুৰ্ঘটনাৰ পাছতে এয়াৰ ইণ্ডিয়াৰ দিল্লী অভিমুখী বিমানখন সময়মতে উৰা মাৰিব নোৱাৰিলে।

খবৰ অনুসৰি পুনে বিমানবন্দৰৰ পৰা দিল্লী অভিমুখে উৰামাৰিবলৈ লোৱা এই বিমানখনত আছিল মুঠ ১৮০ জন যাত্ৰী। ৰানৱেট টেকঅফৰ ঠিক আগে আগে এই দুৰ্ঘটনা সংঘটিত হয়।

ঘটনা সন্দৰ্ভত বিমান বন্দৰৰ এজন কৰ্মচাৰীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি চলন্ত ট্ৰেক্টৰখনত খুন্দা মৰাৰ ফলত বিমানখনৰ কিছু অংশ ক্ষতিগ্ৰস্ত হৈছে।জানিব পৰা মতে এয়াৰ ইণ্ডিয়াৰ এ আই-৮৫৮ বিমানখন পুৱা ৪ বজাত উৰাৰ কথা আছিল।কিন্তু এই দুৰ্ঘটনাৰ পাছত বিমানখনৰ উৰণত বহু পলম হয়। যাত্ৰীসকলক বিমানখনৰ পৰা নমাই মেৰামতি কৰাৰ পাছতহে বিমানখন উৰা মাৰে।

অৱশ্যে এই ঘটনা সন্দৰ্ভত এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা কোনোধৰণৰ আনুষ্ঠানিক বিবৃতি জাৰি কৰা নাই। অৱশ্যে ডিৰেক্টৰেট জেনেৰেল অফ চিভিল এভিয়েশ্যনে এই দুৰ্ঘটনা কেনেদৰে সংঘটিত হ’বলৈ পালে তাক লৈ তদন্ত আৰম্ভ কৰিছে।

ট্ৰেক্টৰৰ সৈতে বিমানৰ দুৰ্ঘটনাঃ যাত্ৰীৰ সুৰক্ষাক লৈ হেতালি এয়াৰ ইণ্ডিয়াৰ !
কিয় সংবাদ মেল সম্বোধন নকৰে প্ৰধানমন্ত্ৰী মোডীয়ে? নিজেই দিলে এই প্ৰশ্নৰ উত্তৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in