কিয় সংবাদ মেল সম্বোধন নকৰে প্ৰধানমন্ত্ৰী মোডীয়ে? নিজেই দিলে এই প্ৰশ্নৰ উত্তৰ...

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মোডীয়ে তুলিলে সংবাদ মাধ্যমৰ নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন
কিয় সংবাদ মেল সম্বোধন নকৰে প্ৰধানমন্ত্ৰী মোডীয়ে? নিজেই দিলে এই প্ৰশ্নৰ উত্তৰ...
কিয় সংবাদ মেল সম্বোধন নকৰে প্ৰধানমন্ত্ৰী মোডীয়ে? নিজেই দিলে এই প্ৰশ্নৰ উত্তৰ...

ডিজিটেল ডেস্কঃ সংবাদ মাধ্যম নিৰপেক্ষতাৰ উৰ্ধত নহয়। সামাজিক মাধ্যমৰ দ্ৰুত প্ৰসাৰৰ বাবে সংবাদ মাধ্যম অবিহনেই নিজৰ বাৰ্তা জনসাধাৰণলৈ প্ৰেৰণ কৰিব পাৰি। জনসাধাৰণৰ সৈতে কথা পাতিব পাৰি। সেয়ে সংবাদ মেল সম্বোধন কৰিব লাগে বুলি বিশ্বাস নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

২০১৪ চনত কেন্দ্ৰত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিল বিজেপিয়ে। সেই সময়ছোৱাত বিজেপি শাসনলৈ অহাৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ যথেষ্ট ভূমিকা আছিল। সামাজিক মাধ্যমৰ দ্ৰুত সম্প্ৰসাৰণ হৈছিল।

প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত যোৱা ১০ টা বছৰত নৰেন্দ্ৰ মোডীয়ে এখনো সংবাদ মেল সম্বোধন কৰা নাই। প্ৰথমটো কাৰ্যকালৰ প্ৰায় শেষৰ ফালে সাংবাদিকৰ পৰিৱৰ্তে বলিউডৰ অভিনেতাৰ জৰিয়তেহে এক সাক্ষাতকাৰ দিছিল তেওঁ। প্ৰশ্ন আছিল আপুনি আম খায় নে? যদি খায় কেনেকৈ খায়? কাটিলৈ খায় নে চুপি খায়?

অষ্টাদশ লোকসভা নিৰ্বাচনৰ ভৰপক সময়ত এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত সাক্ষাতকাৰ প্ৰদান কৰিছে। এনে সাক্ষাতকাৰৰ মাজতে তেওঁ এইবাৰ চকুপানীও উলিয়াইছে। বৃহস্পতিবাৰেও এনে এক সাক্ষাতকাৰৰ মাজতে প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁ কিয় সংবাদ মেল সম্বোধন নকৰে তাৰ ব্যাখ্যা আগবঢ়াইছে।

প্ৰধানমন্ত্ৰী মোডীয়ে দুটাকৈ কাৰ্যকালত এখনো সংবাদমেল সম্বোধন নকৰা বিষয়টোক লৈ বিৰোধীয়েও প্ৰায়ে তেওঁক সমালোচনা কৰা দেখা যায়। দেশৰ জনসাধাৰণেও তেওঁ সংবাদ মেল সম্বোধন নকৰা বিষয়টোক লৈ নানান সময়ত প্ৰশ্ন উত্থাপন কৰি আহিছে। কিন্ত প্ৰধানমন্ত্ৰী মোডীয়ে কিয় এখনো সংবাদ মেল সম্বোধন নকৰে সেই প্ৰশ্নৰ উত্তৰো নিজেই দিছে।

১৬ মে’ বৃহস্পতিবাৰেও মোডীয়ে এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সাক্ষাতকাৰ প্ৰদান কৰিছিল। এই সাক্ষাতকাৰতে তেওঁক প্ৰশ্ন কৰা হৈছিল কিয় তেওঁ সংবাদ মেল সম্বোধন নকৰে? ইয়াৰ উত্তৰত তেওঁ কয়, মই বহু পৰিশ্ৰম কৰিব লাগে। মই দৰিদ্ৰ মানুহৰ ঘৰলৈ যাব বিচাৰোঁ। মই বিজ্ঞান ভৱনলৈ গৈ ফিটা কাটি ফটো তুলিব পাৰোঁ। কিন্তু মই নকৰোঁ। মই ঝাৰখণ্ডৰ এখন সৰু গাঁৱলৈ গৈছোঁ। মই সৰু প্ৰকল্পৰ বাবে কাম কৰিছোঁ।

তেওঁ কয়, মই এক নতুন কৰ্ম সংস্কৃতি আনিছোঁ। যদি সংবাদ মাধ্যমে ইয়াক ভাল পায় তেন্তে ক’ব বা ভাল নাপালে নক'ব। সংবাদ মাধ্যম এতিয়া পৃথক সত্বা নহয়। তেওঁলোকৰ নিৰপেক্ষতা প্ৰশ্নৰ উৰ্ধত নহয়। পূৰ্বে জণগনৰ সৈতে যোগাযোগৰ একমাত্ৰ উপায় আছিল সংবাদ মাধ্যম। কিন্তু এতিয়া সামাজিক মাধ্যমৰ দৌৰত তাতেই সাধাৰণ মানুহৰ সৈতে যোগাযোগ কৰিব পাৰি।

মোডীয়ে কয়, ''মই সংসদত সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য। তাতেই মই সকলো প্ৰশ্নৰ উত্তৰ দিছোঁ।'' এই সাক্ষাতাৰত তেওঁ পুনৰ কয়, ''যোগাযোগ এক দ্বিমুখী প্ৰক্ৰিয়া। আজি যদি আপুনি ৰাইজৰ সৈতে কথা পাতিব লগা হয় আপুনি কথা পাতিব পাৰে। সংবাদ মাধ্যম অবিহনেই তেওঁলোকৰ কণ্ঠ আপোনাৰ কাষলৈ আহিব। আনকি এজন ব্যক্তিয়ে কিবা এটা বিষয়ৰ ওপৰত মতামত দিবলগা হ’লে তেওঁলোকে সংবাদ মাধ্যম অবিহনেই স্পষ্টভাৱে তেওঁলোকৰ মতামত প্ৰকাশ কৰিব পাৰে।''

প্ৰধানমন্ত্ৰী মোডীয়ে সংবাদ মাধ্যমৰ নিৰপেক্ষতাক প্ৰশ্ন তুলি এইদৰে মন্তব্য কৰি সামাজিক মাধ্যমকেই সংবাদ মাধ্যমৰ ওপৰত ৰাখিছে। তেওঁ সামাজিক মাধ্যমৰ জৰিয়তেই জনতালৈ তেওঁৰ বাৰ্তা প্ৰেৰণ কৰিছে। জনতাৰ সৈতে সামাজিক মাধ্যমৰ জৰিয়তে কথা পাতোঁ বুলি কোৱা মোডীৰেই মনকি বাত অনুষ্ঠানত দেশৰ জনতাই 'ডিছলাইক' দিয়াৰ বাবেই পৰৱৰ্তী সময়ত সেই ব্যৱস্থাই আঁতৰাই দিয়া হৈছিল।

তেওঁ নিজৰ কথা সামাজিক মাধ্যমৰ জৰিয়তে কয় যদিও জনতাৰ কথা কিমান শুনে সেয়া এই এটা উদাহৰণেই প্ৰমাণ কৰে। বিশ্বৰ ভিতৰতে সৰ্বাধিক ইণ্টাৰনেট কৰ্তন কৰাৰ ৰেকৰ্ডো আকৌ ভাৰতেই গঢ়িছে এইগৰাকী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালতে।

প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে নৰেন্দ্ৰ মোডী আছিল গুজৰাটৰ মুখ্যমন্ত্ৰী। সেই সময়তো তেওঁ সংবাদ মেল সম্বোধনৰ পৰা বিৰত আছিল। তেতিয়া সামাজিক মাধ্যমৰ এনে প্ৰভাৱ নাছিল। ইণ্টাৰনেটেই সুলভ নাছিল দেশত। সেই সময়ত তেওঁ কিদৰে জনতাৰ সৈতে কথা পাতিছিল বা কিদৰে জনতাৰ মনৰ কথা শুনিছিল তাৰ কোনো ব্যাখ্যা অৱশ্যে দিয়া নাই।

উল্লেখ্য, এইবাৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিজেপিয়ে ৪০০ খনৰো অধিক আসন পাব বুলি দাবী কৰি 'অবকি বাৰ ৪০০ পাৰ' শ্লোগান দিছে।

যোৱা মঙ্গলবাৰে নৰেন্দ্ৰ মোডীয়ে বাৰণাসী লোকসভা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছে। বাৰণাসীৰ পৰাই যোৱ দুটা নিৰ্বাচনত নৰেন্দ্ৰ মোডী নিৰ্বাচিত হৈ সংসদলৈ গৈছে। এইবাৰ তেওঁ এই সমষ্টিত বিজয়ৰ হেট্ৰিক অৰ্জনৰো আশা কৰিছে।

কিয় সংবাদ মেল সম্বোধন নকৰে প্ৰধানমন্ত্ৰী মোডীয়ে? নিজেই দিলে এই প্ৰশ্নৰ উত্তৰ...
প্ৰতিবাৰৰ দৰে এইবাৰো ৰাজনৈতিক 'হিটমেন' জনে নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে- স্বাতী মালিৱাল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in