তেলেংগানাই ৰাখিলে 'ইণ্ডিয়া'ৰ মান : ৩ ৰাজ্যত উৰিল গেৰুৱা ধ্বজা

তেলেংগানাই ৰাখিলে 'ইণ্ডিয়া'ৰ মান : ৩ ৰাজ্যত উৰিল গেৰুৱা ধ্বজা

ডিজিটেল ডেস্কঃ দেওবাৰে ঘোষণা কৰা হ'ল ৪খন ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচনী ফলাফল। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ছেমিফাইনেল ৰূপে চিহ্নিত হোৱা এই ৰাজ্যৰ নিৰ্বাচনত ৩-১ ৰ ব্যৱধানত ভাৰতীয় জনতা পাৰ্টীৰ হাতত পৰাজিত হ' ল বিৰোধী ঐক্য ইণ্ডিয়া। মধ্য প্ৰদেশ, ছত্তিশগড় আৰু ৰাজস্থানত বিজেপিয়ে বিজয় ধ্বজা উৰুৱাৰ বিপৰীতে মাত্ৰ তেলেংগানাতে জয় লাভ কৰিলে বিৰোধী ঐক্যই।

ভাৰতীয় নিৰ্বাচন আয়োগৰ (ইচিআই) তথ্য অনুসৰি,মধ্যপ্ৰদেশৰ ২৩০ খন আসনৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল মুঠ ২৫৩৩ গৰাকী প্ৰাৰ্থী। মেজিক নম্বৰ ১১৬ অতিক্ৰম কৰি বিজেপিয়ে লাভ কৰিলে ১৬৩ খন আসন। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ হাতত থাকিল ৬৬ খন আসন। আনহাতে ভাৰত আদিবাসী পাৰ্টীয়ে লাভ কৰিলে ১খন আসন।

সমান্তৰালভাৱে ৰাজস্থানত ১৮৬২ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিলে ৫.২৫ কোটি জনতাই। ৰাজস্থানৰ ১৯৯ জনীয়া বিধানসভা সমষ্টিত বিজেপিয়ে ১১৫ খন আসন লাভ কৰি অশোক গেহলট নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰক সিংহাসনচ্যুত কৰে। ইয়াৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ ৬৯ খন আসন লাভ কৰিবলৈ সক্ষম হয়। তদুপৰি, ভাৰত আদিবাসী দলে ৩খন, বহুজন সমাজবাদী পাৰ্টীয়ে ২খন, ৰাষ্ট্ৰীয় লোক দল আৰু ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক দলে এখনকৈ আসন লাভ কৰে আৰু ৮খন আসন নিৰ্দলীয় প্ৰাৰ্থীৰ অধীনলৈ যায়।

কংগ্ৰেছৰ দুৰ্গ কঁপাই ছত্তীশগড়ৰ ৯০ জনীয়া বিধানসভা সমষ্টিত বিজেপিয়ে ৫৪ খন আসন লাভ কৰি বিজয় সাব্যস্ত কৰে।ইয়াৰ বিপৰীতে কংগ্ৰেছে ৩৫ খন আসন আৰু গণ্ডৱানা গণতন্ত্ৰ পাৰ্টীয়ে ১খন আসনত জয়লাভ কৰে।

তেলেংগানাৰ ১১৯ টা বিধানসভা সমষ্টিৰ ভিতৰত কংগ্ৰেছে মুঠ ৬৪ খন আসন লাভ কৰি বিজয় সাব্যস্ত কৰে। আনহাতে, ভাৰত ৰাষ্ট্ৰ সমিতিয়ে ৩৯ খন আসনত জয়লাভ কৰে। ইয়াৰ বিপৰীতে তেলেংগানাত বিজেপি ৮ খন আসনতে সীমাবদ্ধ থাকে। তদুপৰি এআইএমআইএম আৰু চিপিআইয়ে ক্ৰমান্বয়ে ৭ আৰু ১ খন আসন লাভ কৰে।

তেলেংগানাই ৰাখিলে 'ইণ্ডিয়া'ৰ মান : ৩ ৰাজ্যত উৰিল গেৰুৱা ধ্বজা
"এইয়া সততা, স্বচ্ছতা আৰু সুশাসনৰ জয়" প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in