"এইয়া সততা, স্বচ্ছতা আৰু সুশাসনৰ জয়" প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

"এইয়া সততা, স্বচ্ছতা আৰু সুশাসনৰ জয়" প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্কঃ দেওবাৰে ঘোষিত হোৱা ৪খন ৰাজ্যৰ ৩খন ৰাজ্যতে বিজেপিয়ে জয় সাব্যস্ত কৰাৰ পাছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়। তেওঁক সংগ দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু দলৰ সভাপতি জে পি নাড্ডাই। ৩খন ৰাজ্যত বিজেপিৰ চমকপ্ৰদ বিজয় সন্দৰ্ভত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "আজিৰ বিজয় ঐতিহাসিক আৰু অভূতপূৰ্ব। এই বিজয় সকলোৰে সংগ আৰু সকলোৰে বিকাশৰ বিজয়। আজি সততা, স্বচ্ছতা আৰু সুশাসনৰ জয় হৈছে"।

ৰাজস্থান, ছত্তীশগড় আৰু মধ্যপ্ৰদেশত বিজেপিৰ বিজয়ৰ শ্ৰেয় দেশৰ নাৰী সমাজলৈ উৎসৰ্গা কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, তেওঁ কৈছিল দেশৰ নাৰী শক্তিয়ে বিজেপিৰ পতাকা উত্তোলন কৰিবলৈ সংকল্পবদ্ধ হৈ ওলাই আহিছে। আজি নাৰী শক্তি বন্দন আইনে দেশৰ মাতৃ আৰু কন্যাসকলৰ মনত নতুন আস্থা জাগ্ৰত কৰিছে।

জাতিভেদৰ ৰাজনীতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, "এই নিৰ্বাচনত দেশখনক বিভিন্ন জাতিত বিভক্ত কৰাৰ বহুতো প্ৰয়াস কৰা হৈছিল। কিন্তু মই নিৰন্তৰ কৈ আছিলো যে মোৰ বাবে মাত্ৰ ৪ টা জাতিয়েই হৈছে দেশৰ আটাইতকৈ ডাঙৰ জাতি। সেইয়া হ'ল নাৰীসমাজ, যুৱসমাজ, কৃষক আৰু দৰিদ্ৰ পৰিয়াল সমূহ। এই চাৰিওটা জাতি শক্তিশালী কৰায়েই হৈছে বিজেপিৰ লক্ষ্য"।

'দেশৰ যুৱপ্ৰজন্মই উন্নয়ন বিচাৰে'

দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় যে, এই নিৰ্বাচনৰ ফলাফলে আৰু এটা কথা স্পষ্ট কৰি দিছে। সেইয়া হৈছে দেশৰ যুৱপ্ৰজন্মই কেৱল উন্নয়নহে বিচাৰে। য'তেই চৰকাৰে যুৱসমাজৰ বিৰুদ্ধে কাম কৰিছে, সেই চৰকাৰবোৰ ক্ষমতাচ্যুত্য হৈছে। ৰাজস্থান, ছত্তীশগড় বা তেলেংগানাই হওঁক সকলোতে এইটো প্ৰতিফলিত হৈছে। এই তিনিওখন ৰাজ্যত ক্ষমতাত থকা দলবোৰ এতিয়া ক্ষমতাৰ বাহিৰ হৈছে।

'এয়া মোডীৰ গেৰাণ্টি'

নিৰ্বাচনৰ ফলাফলত বিজেপিৰ বিজয় সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "মহিলা শক্তিৰ বিকাশ হৈছে বিজেপিৰ উন্নয়নৰ আৰ্হিৰ মুখ্য আধাৰ। সেয়েহে, এই নিৰ্বাচনত মহিলাসকলে বিজেপিক সমৰ্থন কৰিছে আৰু আশীৰ্বাদ দিছে। আজি মই বিনম্ৰতাৰে দেশৰ প্ৰতিগৰাকী ভগ্নী আৰু কন্যাক ক'ম যে বিজেপিয়ে আপোনালোকক দিয়া প্ৰতিশ্ৰুতিসমূহৰ ১০০ শতাংশই পূৰণ কৰা হ'ব আৰু এয়া মোডীৰ গেৰাণ্টি।"

"তেলেংগানাৰ বিজেপি কৰ্মীসকলৰ ওপৰত মোৰ আস্থা আছে"

তেলেংগানাত বিজেপি পৰাস্ত হোৱাৰ পাছত তেলেংগানাৰ বিজেপি কৰ্মীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, তেওঁ তেলেংগানাবাসী আৰু তেলেংগানাৰ বিজেপি কৰ্মীসকলৰ প্ৰতি বিশেষ কৃতজ্ঞ। প্ৰতিটো নিৰ্বাচনতে তেলেংগানাত বিজেপিৰ ফলাফল উন্নত হৈ গৈ আছে। তেওঁ লগতে কয় যে, তেলেংগানাৰ কৰ্মীসকলৰ ওপৰত তেওঁৰ সম্পূৰ্ণ আস্থা আছে।

"জনজাতীয় সম্প্ৰদায়ে বিজেপিক বিশ্বাস কৰে"

কংগ্ৰেছক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, কংগ্ৰেছে কেতিয়াও জনজাতীয় সম্প্ৰদায়ক গুৰুত্ব প্ৰদান কৰা নাছিল। যাৰফলত আজি তেওঁলোকে কংগ্ৰেছক নিশ্চিহ্ন কৰি দিছে। মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানৰ ফলাফলে তাকেই প্ৰতিফলিত কৰিছে। লগতে তেওঁ কয় যে, জনজাতীয় সমাজে উন্নয়নৰ আশা কৰি আছে আৰু তেওঁলোক নিশ্চিত যে কেৱল বিজেপিয়েহে এই আশাবোৰ পূৰণ কৰিব পাৰিব।

"২০২৪ত হ্যাটট্রিক নিশ্চিত"

২০২৪ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচন সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "কিছুমান লোকে কৈছে যে, আজিৰ হ্যাটট্রিকে ২০২৪ চনৰ হ্যাটট্রিক নিশ্চিত কৰিছে। মধ্য প্ৰদেশে আমাক পুনৰ দেখুৱাইছে যে বিজেপিৰ সেৱাৰ মনোভাৱৰ কোনো বিকল্প নাই। মই মোৰ প্ৰথম সভাতে ছত্তীশগড়ৰ পৰিয়ালবোৰক কৈছিলো যে মই আপোনালোকৰ পৰা একো বিচাৰিবলৈ অহা নাই। আপোনালোকক শপতগ্ৰহণ অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাবলৈহে আহিছো।"

'অহংকাৰী মিত্ৰতাত ৰাষ্ট্ৰৰ সেৱা কৰাৰ কোনো মনোভাৱ নাই'

তেলেংগানাৰ বাদে তিনিওখন ৰাজ্যতে বিৰোধী ঐক্যৰ পৰাজয় সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, এই ফলাফলৰ প্ৰতিধ্বনি বহুদূৰ লৈ যাব। এই নিৰ্বাচনৰ প্ৰতিধ্বনি সমগ্ৰ বিশ্বতে শুনা যাব। ইয়াৰ পৰা শিকিবলগীয়া কথাটো হ'ল যে, কেৱল পৰিয়ালৰ কেইজনমান সদস্যই মঞ্চত একত্ৰিত হ'লেই দেশৰ বিশ্বাস জয় কৰিব নোৱাৰে। দেশৰ জনসাধাৰণৰ হৃদয় জয় কৰিবলৈ হ'লে ৰাষ্ট্ৰৰ সেৱাৰ প্ৰতি আগ্ৰহ থাকিব লাগিব আৰু অহংকাৰী মিত্ৰতাত ইয়াৰ তিলমাত্ৰও দৃশ্যমান নহয়।

"আজিৰ ফলাফল এক সতৰ্কবাণী"

সমগ্ৰ ফলাফল সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "আজিৰ ফলাফল প্ৰগতি আৰু জনকল্যাণৰ ৰাজনীতিৰ বিৰুদ্ধে থিয় দিয়া শক্তিসমূহৰ বাবেও এক সতৰ্কবাণী। যেতিয়াই উন্নয়ন হয়, কংগ্ৰেছ আৰু ইয়াৰ সহযোগীসকলে বিৰোধিতা কৰে। আজি, দৰিদ্ৰ সকলে এনে সকলো দলক সতৰ্ক কৰি দিছে। এইটো বুজাই দিছে যে আপোনালোকে উন্নতি কৰা উচিত অন্যথা ৰাইজে আপোনাক নিৰ্বাচিত নকৰে"।

শেষত দেশৰ অৰ্থনৈতিক অৱস্থা সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, কিছুমান লোকে কৈছিল যে বিশ্বব্যাপী মন্দাৱস্থাই ভাৰতক প্ৰভাৱিত কৰিব। কিন্তু ভাৰতে প্ৰতিটো মূল্যায়নতকৈ ভাল প্ৰদৰ্শন কৰিছে। আজি ভাৰত হৈছে বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনৈতিক শক্তি।

"এইয়া সততা, স্বচ্ছতা আৰু সুশাসনৰ জয়" প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
পৰাজয় স্বীকাৰ বি আৰ এচৰ : কংগ্ৰেছক শুভেচ্ছা জনালে প্ৰাক্তন মন্ত্ৰী কে টি ৰামা ৰাওৱে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in