নিৰ্বাচন আয়োগত অথন্তৰঃ আয়ুক্ত অৰুণ গোৱেলৰ পদত্যাগ

লোকসভা নিৰ্বাচনৰ পূৰ্বেই শনিবাৰে পদত্যাগ কৰিলে দেশৰ নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলে ৷

author-image
Asomiya Pratidin
New Update
নিৰ্বাচন আয়োগত অথন্তৰঃ আয়ুক্ত অৰুণ গোৱেলৰ পদত্যাগ

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বেই শনিবাৰে পদত্যাগ কৰিলে দেশৰ নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলে ৷ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান সপ্তাহ থকাৰ পূৰ্বে পদত্যাগ কৰে নিৰ্বাচন আয়ুক্তগৰাকীয়ে ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে গ্ৰহন কৰে পদত্যাগ পত্ৰ। চাকৰিৰ কাৰ্যকাল ৩ বছৰ থাকোতেই পদত্যাগ কৰে নিৰ্বাচন আয়ুক্তজনে।

Advertisment

উল্লেখ্য যে, ২০২২ চনৰ নৱেম্বৰ মাহত নিৰ্বাচন আয়োগত যোগদান কৰা নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলৰ ২০২৭ চনৰ ডিচেম্বৰ মাহলৈকে কাৰ্যকাল আছিল ৷ ব্যক্তিগত কাৰণ উল্লেখ কৰি পদত্যাগ পত্ৰ দাখিল কৰি নিৰ্বাচন আয়ুক্তজনে।

নিৰ্বাচন আয়োগত ইতিপূৰ্বে এটা পদ খালী হৈ আছিল । গোৱেলৰ পদত্যাগৰ লগে লগে দুটা পদ খালী হয় আয়োগত। এতিয়া কেৱল মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰহে আছে নিৰ্বাচন আয়োগৰ দায়িত্বত। লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি তুংগত উঠাৰ সময়তে অৰুণ গোৱেলে নিৰ্বাচন আয়ুক্তৰ পদত্যাগে এক আচম্বিৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷

Also Read: অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ পাদুনক সম্বৰ্ধনা

arun goel Election Commissioner election commission of india