অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ পাদুনক সম্বৰ্ধনা

অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ পাদুনক সম্বৰ্ধনা

ডিজিটেল সংবাদ, ধেমাজিঃ অৱসৰপ্ৰাপ্ত শিক্ষক, ধেমাজি জিলা প্রাথমিক শিক্ষক সম্মিলনীৰ প্ৰাক্তন সভাপতি ও অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন ৰাজ্যিক সদস্য উমেশ পাদুনক শনিবাৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত বিভিন্ন জিলাৰ শিক্ষকসকলৰ লগতে ধেমাজিৰ বিভিন্ন দলসংগঠনে সম্বৰ্ধনা জনায় ৷

এই উপলক্ষে ধেমাজি ন-পামৰ অৱসৰপ্ৰাপ্ত শিক্ষক জনৰ নিজা বাসগৃহত শনিবাৰে ধেমাজি জিলা প্রাথমিক শিক্ষক সম্মিলনীৰ সভাপতি ধীৰেন গগৈৰ পৌৰহিত্যত অনুষ্ঠিত হয় এখন বিশেষ সম্বৰ্ধনা সভা। ধেমাজিকে ধৰি অসমৰ অন্যান্য জিলাৰ প্ৰায় ৫শতাধিক শিক্ষক-কৰ্মচাৰী আৰু ৰাইজৰ উপস্থিতত অনুষ্ঠিত হোৱা সভাখনিৰ আঁতধৰে ধেমাজি জিলা প্রাথমিক শিক্ষক সম্মিলনীৰ সম্পাদক দিপাংকৰ শৰ্মাই ৷ চলিত বছৰৰ ৩১ জানুৱাৰীত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা উমেশ পাদুনে জীৱনৰ সোনালী সময়খিনি শিক্ষকতাৰ দৰে পবিত্র বৃত্তিত নিয়োজিত হৈ সমাজৰ বাবে আগবঢ়োৱা সেৱা আৰু সাংগঠনিক দিশত কৰা ত্যাগক সন্মান জনাই ধেমাজি জিলা প্রাথমিক শিক্ষক সম্মিলনীৰ দ্বাৰা প্ৰকাশিত অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ অভিনন্দন গ্ৰন্থ "অভিকণ্ঠ” উন্মোচন কৰে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সম্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথে ৷

গ্ৰন্থ উন্মোচনী ভাষণত উন্মোচকগৰাকীয়ে অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ পাদুনে ওৰে জীৱনটো শিক্ষকতাৰ সেৱা আগবঢ়োৱা লগতে শিক্ষক সমাজৰ বাবে কৰি যোৱা ত্যাগক শলাগ লৈ ভুয়সী প্ৰশংসা কৰে ৷ অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী উমেশ পাদুনৰ জীৱন আৰু ব্যক্তিত্বৰ আধাৰত প্ৰকাশিত এশ ছয়ত্ৰিশ পূষ্ঠা জোৰা অভিনন্দন গ্ৰন্থখনি বিশিষ্ট কবি হেমচন্দ্ৰ কছাৰীয়ে সম্পাদনা কৰিছে ৷

সভাত অসম ৰাজ্যিক প্রাথমিক শিক্ষক সম্মিলনীৰ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী, উপসভাপতি নিলাক্ষী গগৈ, সৰ্বভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ প্ৰাক্তন সদস্য দিপাংকৰ কোঁৱৰ, পৰেশ বৰা, অজিত খনিকৰ, ধেমাজি জিলা প্রাথমিক শিক্ষক সম্মিলনীৰ প্ৰাক্তন সভাপতি কুখেশ্বৰ গগৈ, মেঘ পেগু, অবিভক্ত লখিমপুৰ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি হেম পেগু, ধেমাজি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বনমালী পেগু, ধেমাজি মহকুমা বিদ্যালয় সমুহৰ অৱসৰপ্ৰাপ্ত উপ- পৰিদৰ্শক অনাদৰ দলে, গহপুৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ অজিত খনিকৰ, ঢকুৱাখনা প্ৰাথমিক শিক্ষক সন্মিলনীৰ লুকুমনী গগৈ, ধেমাজি জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰীৰ সভাপতি দিব্য দত্ত, শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক অৰুন কলিতা, ধেমাজি বানিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ বিৰেন কোঁৱৰ আদিয়ে উমেশ পাদুনৰ জীৱন বৃত্তান্তৰ সন্দৰ্ভত ভাষন প্ৰদান কৰে ৷

উল্লেখ্য যে, ১৯৮৭ চনৰ ৮ ফ্ৰেব্ৰুৱাৰীত ধেমাজি বাউলী মিৰি প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে নিযুক্তি লাভ কৰা উমেশ পাদুনে ১৯৯৭-২০০২ চনলৈকে ধেমাজি জিলা প্রাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক, ২০০২-২০০৮ চনলৈ ৰাজ্যিক সদস্য, ২০১৩-২০২১ চনলৈকে সভাপতি আৰু ২০২১ চনৰ পৰা অৱসৰৰ যোৱা ৩১ জানুৱাৰী দিনটো লৈকে ধেমাজি জিলা প্রাথমিক শিক্ষক সম্মিলনীৰ মুখ্য উপদেষ্টা পদ অলংকৃত কৰি অৱসৰ গ্ৰহণ কৰিছে ৷

শনিবাৰে অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ পাদুনক ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্মিলনী, দক্ষিণ ধেমাজি কেন্দ্ৰ সমিতি, জোনাই মহকুমা সমিতি, চিচি মাণ্ডলীক সমিতি, বৰদলনি মাণ্ডলীক সমিতি, চেঙাজান কেন্দ্ৰ সমিতি, ২ নং চিলাপথাৰ কেন্দ্ৰ সমিতি, ধেমাজি জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থা, পশ্চিম ধেমাজি মাণ্ডলীক সমিতি ধেমাজি জিলা কৰ্মচাৰী পৰিষদ, ধেমাজি জিলা সাহিত্য সভা, ধেমাজি জিলা নাগৰিক সন্থা আদি বিভিন্ন দলসংগঠনৰ লগতে বিভিন্ন শুভাকাংক্ষীয়ে উমেশ পাদুনক সম্বৰ্ধনা জনায় ৷

অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ পাদুনক সম্বৰ্ধনা
কাবন টেৰণপীক আদৰ্শ নাৰীৰ সন্মান প্ৰদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in