নিৰ্বাচনী প্ৰচাৰত সাম্প্ৰদায়িক মন্তব্য কৰি বিপদত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা...

নিৰ্বাচনী প্ৰচাৰত সাম্প্ৰদায়িক মন্তব্য কৰি বিপদত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা...

author-image
Asomiya Pratidin
New Update
নিৰ্বাচনী প্ৰচাৰত সাম্প্ৰদায়িক মন্তব্য কৰি বিপদত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা...

নিৰ্বাচনী প্ৰচাৰত সাম্প্ৰদায়িক মন্তব্য কৰি বিপদত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা...

ডিজিটেল ডেস্কঃ নিৰ্বাচনী বিধী উলংঘাৰে নিৰ্বাচনী প্ৰচাৰত সাম্প্ৰদায়িক মন্তব্য কৰি বিপদত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ড০ শৰ্মাই ছত্তিশগড়ত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ যোৱা ১৮ অক্টোবৰত সাম্প্ৰদায়িক মন্তব্য কৰাৰ সন্দৰ্ভত নিৰ্বাচনী আয়োগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

Advertisment

উল্লেখ্য যে, ছত্তিশগড় বিধানসভা নিৰ্বাচনত প্ৰচাৰ চলোৱাৰ সময়ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই আকবৰ শব্দ ব্যৱহাৰ কৰিছিল। ড০ শৰ্মাই আকবৰ শব্দ ব্যৱহাৰ কৰি দিয়া ভাষণক লৈ পৰৱৰ্তী সময়ত কংগ্ৰেছে আপত্তি দৰ্শাইছিল।

এই আপত্তিৰ ভিত্তিতে আয়োগে ড০ শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।জাননীত প’ল পেনেলে কৈছে, ১৮ অক্টোবৰত ছত্তিশগড়ত দিয়া ভাষণৰ অংশত ১৯৫১ চনৰ আদৰ্শ আচৰণবিধি আৰু জনপ্ৰতিনিধিত্ব আইনৰ বিধি Prima Facie উলংঘা বুলি ধৰা পৰিছে।

এই সন্দৰ্ভতে তেওঁক অহা ৩০ অক্টোবৰৰ বিয়লি ৫ বজাৰ ভিতৰত আয়োগৰ জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত যদি তেওঁ এই জাননীৰ উত্তৰ প্ৰদান নকৰে তেন্তে বিধিগতভাৱে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে, নিৰ্বাচনী প্ৰচাৰৰ সময়ত ড০ শৰ্মাই কংগ্ৰেছ তথা ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক সমালোচনা কৰি বিভিন্ন প্ৰসংগ উত্থাপন কৰিছিল। তাৰ মাজৰে এটা প্ৰসংগ আছিল লাভ জেহাদ।

তেওঁ কৈছিল ছত্তিশগড়ত ধৰ্মান্তকৰণ আৰু লাভ জেহাদ চলি আছে। য’তেই কংগ্ৰেছৰ চৰকাৰ আছে তাতেই হিন্দুসকলে বিভিন্ন দুৰ্দশাত জীৱন কটাবলগীয়া হৈছে। কংগ্ৰেছে বাবৰক লালন পালন কৰে। ভূপেশ বাঘেলে আকবৰক ডাঙৰ-দীঘল কৰিছে।

তেওঁ কয় এজন আকবৰ কোনোবা ঠাইলৈ আহিলে ১০০ আকবৰক মাতি আনে। ইয়াৰ বিপৰীতে বিজেপিয়ে ৰাম মন্দিৰ নিৰ্মাণ কৰিছে বুলিও তেওঁ কয়।

Also Read: অখিলে এৰিব, লুৰিণে খেলিব !

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ছত্তিশগড়