অখিলে এৰিব, লুৰিণে খেলিব !

অখিলে এৰিব, লুৰিণে খেলিব !
অখিলে এৰিব, লুৰিণে খেলিব !

২৪ ৰ অংক অসমত আৰম্ভ হৈ গৈছে। ১২ টা ৰাজনৈতিক দলে ৰাজ্যখনত সৰ্বভাৰতীয় পৰ্যায়ত INDIA গঠনৰ পূৰ্বেই বিৰোধী ঐক্য মঞ্চ গঠন কৰি শাসকীয় বিজেপিৰ বিৰুদ্ধে অৱস্থান লৈছিল।

ৰাজ্যখনৰ ১৪ টা লোকসভা সমষ্টিৰ কোন দলে, কোন সমষ্টি আৰু কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব তাকলৈ বিভিন্ন চৰ্চা আৰম্ভ হৈছে। সমান্তৰালভাৱে ১২ টা ৰাজনৈতিক দলৰ মাজত কেতিয়াবা বৈঠক আৰু আন কেতিয়াবা বাক্য যুদ্ধও চলিছে।

এনে খবৰ প্ৰকাশ পাইছে যে ৰাজ্যখনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচৰা বিৰোধী দলবোৰে বিচৰা ধৰণে আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিলে সেই সংখ্যা ২০/২৫ ৰো ওপৰৰ হ'ব। প্ৰয়োজনীয় কথাটো হৈছে জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীসকলক বিৰোধীয়ে সহমতৰ ভিত্তিত প্ৰাৰ্থিত্ব প্ৰদান কৰাত সফল হ'বনে?

ৰাজনৈতিক দৃষ্টিভংগীৰে কোনো এটা ৰাজনৈতিক দলে মিত্ৰতা স্থাপনৰ পাছত নিৰ্বাচনত আসন বিচৰাটো কোনো নতুন কথা নহয়। কিন্তু এই দাবী কিমান বাস্তৱসংগত তাক নিৰ্ধাৰণ কৰি সহমতত উপনীত হ'ব পৰাটোৱে এই সময়ত বিৰোধীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়।

ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে শেষ মুহূৰ্তত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ২০২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত এখনো আসন নিবিচৰাৰ সিদ্ধান্ত ল'লে। গগৈয়ে এই সিদ্ধান্ত লৈ এফালে তেওঁৰ ৰাজনৈতিক বিচক্ষণতাৰ প্ৰমাণ দিলে আৰু ২০২৬ ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে তেওঁৰ ভৰ মিত্ৰজোঁটৰ ওচৰত বঢ়াই ল'লে।

অৱশ্যে একাংশ ৰাইজৰ দলৰ নেতা কংগ্ৰেছমুখী হোৱাৰ সময়ত ৰাইজৰ সন্মুখত স্বাৰ্থহীন ৰূপত নিজক প্ৰক্ষেপ কৰি অখিল গগৈয়ে তেওঁৰ নেতাসকলক কংগ্ৰেছ গমণত বাধা দিয়াৰ এক কৌশলো ৰচনা কৰিলে।

অসমত অসম জাতীয় পৰিষদৰ এক ভূমিকা আঞ্চলিক শক্তি ৰূপত মন কৰিবলগীয়া হ'ব। নিৰ্বাচনী ৰাজনীতিত ফলাফল লাভ নকৰিলেও লুৰিণজ্যোতি গগৈৰ গ্ৰহণযোগ্যতাক বিৰোধী মিত্ৰপক্ষই সন্মানসহকাৰে গ্ৰহণ কৰিব।

ডিব্ৰুগড়ত তেওঁক প্ৰতিদ্বন্দিতা কৰিবলৈ বিৰোধী ঐক্যমঞ্চই আসন এৰি দিব। সেই সূত্ৰে ১৪ খন আসনৰ এখন আসন অজাপক এৰি দিলেও দলটোৱে গুৱাহাটী লোকসভা সমষ্টিটো কমল নাৰায়ণ চৌধুৰীৰ বাবে শেষ মুহূৰ্তলৈকে দাবী কৰিব।

অজাপৰ একাংশ নেতাই অৱশ্যে সংযমহীনভাৱে নিৰ্বাচন কেন্দ্ৰিক আসন বুজাবুজিক ডাঙৰ ডাঙৰ ভাষণ, অভিযোগ উত্থাপন কৰি আহিলেও সেইসকলৰ গুৰুত্ব নিজ দলটোৰ ভিতৰতে কিমান সেয়াও বিচাৰ্যপূৰ্ণ বিষয়।

আহমেদ উপাধিধাৰী এনে এচাম লোকৰ আচৰণত অৱশ্যে অনুঘটক হৈ পৰিছে ভূপেন বৰাৰ অদূৰদৰ্শী নীতি আৰু সিদ্ধান্ত। এফালে মিত্ৰতা আনফাল নিজ দলৰে আটাইকেইতা সমষ্টিৰ বাবে ৮৪ জনীয়া তালিকা প্ৰস্তুত কৰি ৰাজ্যিক কংগ্ৰেছৰ নেতৃত্বই ৰাজনৈতিক অদূৰদৰ্শীতাৰ প্ৰমাণ ইতিমধ্যে দিছে।

এইটোও সত্য যে, প্ৰাৰ্থিত্বৰ লোভ দি সাম্ভাব্য প্ৰাৰ্থিসকলৰ পেনেল প্ৰস্তুত কৰাৰ আঁৰত পুঁজি সংগ্ৰহৰো এক ব্লুপ্ৰিণ্ট থাকিব পাৰে। প্ৰতিজন প্ৰাৰ্থিৰ পৰা ২/৩ লাখকৈ টকা সংগ্ৰহ কৰিলে সেয়া এক বুজন পৰিমাণৰ ধন হৈ পৰে।

এই মিত্ৰজোঁটত থকা আম আদমী পাৰ্টীৰ তেজপুৰত হাজৰিকা উপাধিধাৰী এজন প্ৰাৰ্থিক নিৰ্বাচনত টিকট দিয়াৰ লোভ দি থৈছে। গুৱাহাটীত দলটোৰ ৰাজ্যিক সভাপতি ভৱেন চৌধুৰী নিজেই প্ৰাৰ্থিত্ব প্ৰত্যাশী।

কিন্তু দলটোৰ জয়ীৰ সম্ভাৱনা কিমান আৰু দলটোৰ ভিতৰচৰাত বিৰোধী ঐক্যমঞ্চৰ প্ৰতি কিমান দায়বদ্ধতা আছে সেয়াও বিৰোধী নেতৃত্বই বিচাৰ কৰি চলাব লাগিব। সন্মুখত বিৰোধীৰ সৈতে অৱস্থান কৰিলেও কেনেবাকৈ ইয়াৰ শিপা শাসনৰ সোৱাদ লৈ থকাসকলৰ বৰঘৰত আছে নেকি তাক লৈয়ো বহুতে সন্দেহ নকৰা নহয়।

বৰেপটা সমষ্টিটো পূৰ্বৰ গণভিত্তিত চি পি আই (এম)-এ দাবী কৰিলেও তেওঁলোক সেই স্থিতিত আকোৰগোঁজ হৈ নথকাৰ ইংগিত প্ৰদান কৰিছে। ৰিপুণ বৰা নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে ৫ খনকৈ আসন বিচাৰিছে যদিও তেওঁলোকৰ শেষ সিদ্ধান্ত কেন্দ্ৰীয় নেতৃত্বইহে গ্ৰহণ কৰিব।

যিহেতু সৰ্বভাৰতীয় ভিত্তিত এই মিত্ৰতা ইতিমধ্যে চূড়ান্ত হৈছে গতিকে আসন ভাগ বতোৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্তই সকলোৱে মানি ল'ব লাগিব। আগন্তুক ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলে আসনৰ ভাগ বতোৱাৰতো প্ৰভাৱ পেলাব।

এই পাঁচোখন ৰাজ্যত কংগ্ৰেছে ভাল ফলাফল লাভ কৰিলে INDIA ৰ আসন ভাগ বতোৱাৰাৰ ক্ষেত্ৰত কংগ্ৰেছে লোৱা ভূমিকা দেশৰ ৰাজনীতিৰ বাবেই লক্ষ্যণীয় বিবেচিত হ'ব। কিয়নো কংগ্ৰেছে ভাল দিনত সদায় নিজকে বিগ ব্ৰাডাৰ ৰূপত প্ৰক্ষেপ কৰি আন সৰু দলসমূহলৈ আসন এৰি দিয়াত কৃপণালী কৰাৰ উদাহৰণ আছে।

অসম বিধানসভাৰ শেহতীয়া নিৰ্বাচনত ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ আসন বুজাবুজিৰ প্ৰায় চূড়ান্ত হৈছিল। ১২৬ খন আসনৰ ভিতৰত প্ৰথমে ১১ টা সমষ্টি ৰাইজৰ দলে প্ৰতিদ্বন্দিতা কৰিব বিচাৰি শেষত ৪ টা সমষ্টিত মান্তি হৈছিল।

সেই নিশ্চয়তা ৰাইজৰ দলৰ নেতৃত্বক প্ৰদান কৰিছিল কেন্দ্ৰীয় নেতা জিতেন্দ্ৰ সিঙে। কিন্তু আনুষ্ঠানিকভাৱে সেই ঘোষণা কৰাৰ পূৰ্বেই ৰহস্যজনকভাৱে ৰাইজৰ দলৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰি চলিছিল কংগ্ৰেছ নেতৃত্বই।

এইবোৰ অভিজ্ঞতা ৰাজ্যৰ ৰাজনীতিত কংগ্ৰেছৰ সৈতে আন আঞ্চলিক দলৰ আছে। বিৰোধীৰ এই আগ্ৰাসনক নিসন্দেহে শাসকীয় পক্ষই বাধা দিয়াৰ চেষ্টা কৰিব। একেদৰে বিজেপিৰ সুৰত কিছু দিনৰ পূৰ্বে সুৰ মিলোওৱা বদৰুদ্দিন আজমলৰ নেতৃত্বধীন এ আই ইউ ডি এফেও নেতি বাচক দৃষ্টিৰেই এই মিত্ৰতাক ৰাইজৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিব।

সেইসকলোবোৰৰ পৰা উৰ্ধলৈ গৈ বিৰোধী ঐক্যমঞ্চই কিদৰে এই মিত্ৰতাক আগুৱাই লৈ যায় তাৰ ওপৰতে আগন্তুক লোকসভা নিৰ্বাচনৰ ফলাফল নিৰ্ভৰ কৰিব। গৌৰৱ গগৈয়ে এতিয়াও কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰে সেয়া নিশ্চিত কৰা হোৱা নাই।

কাজিৰঙা নতুন যোৰহাট সমষ্টিত গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনাই অধিক। ইতিমধ্যে লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰিছে যে, বিজেপিক প্ৰতিহত কৰিবলৈ সন্মিলিত ৰূপত বিৰোধীয়ে একক প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগিব।

ৰাষ্ট্ৰীয় ৰাজনীতিত সেই ফৰ্মূলাৰে বিৰোধীৰ মিত্ৰতা আগবাঢ়িছে। লোকসভা নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ বাকী। বিৰোধীৰ সমান্তৰালভাৱে শাসকীয় দলেও তেওঁলোক ৰণনীতি প্ৰস্তুত কৰিছে।

সেয়েহে আগন্তুক ২০২৪ ৰ নিৰ্বাচন কোনো এক প্ৰক্ষৰ বাবে সহজ যুঁজ হৈ থকা নাই। যি শক্তিয়ে ৰাইজৰ আস্থাক ভোটলৈ সলনি কৰিব পাৰে সেই শক্তিৰেই জয় নিশ্চিত। কিন্তু এইটো ঠিক যে, প্ৰতিষ্ঠান বিৰোধী ঢৌৱে বিৰোধীক ফ্ৰণ্ট ফোটলৈ আগুৱাই দিলেও সেই সুযোগ ল'ব নোৱাৰি বাৰে বাৰে বেকফোটলৈ আহে বিৰোধী।

অখিলে এৰিব, লুৰিণে খেলিব !
কোনে খেলিব কিমান আসনত ? ভূপেন বৰাই ৱেইট লিফ্টিং পদ্ধতিৰে ল'ব সিদ্ধান্ত !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in