নিৰ্বাচন আয়োগে প্ৰিয়ংকা গান্ধী আৰু আপৰ বিৰুদ্ধে জাৰি কৰিলে কাৰণ দৰ্শোৱাৰ জাননী....

নিৰ্বাচন আয়োগে প্ৰিয়ংকা গান্ধী আৰু আপৰ বিৰুদ্ধে জাৰি কৰিলে কাৰণ দৰ্শোৱাৰ জাননী....

author-image
Asomiya Pratidin
New Update
নিৰ্বাচন আয়োগে প্ৰিয়ংকা গান্ধী আৰু আপৰ বিৰুদ্ধে জাৰি কৰিলে কাৰণ দৰ্শোৱাৰ জাননী....

ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী আৰু আপৰ বিৰুদ্ধে জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে অপমানজনক আৰু অসত্যৰ ওপৰত প্ৰতিষ্ঠিত মন্তব্য কৰাৰ বাবে এই জাননী জাৰি কৰা হৈছে।

Advertisment

উল্লেখ্য প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত বিজেপিয়ে অভিযোগ দাখিল কৰিছিল। গান্ধীয়ে শেহতীয়াকৈ মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ভুল আৰু অসত্যৰ আধাৰত প্ৰতিষ্ঠিত মন্তব্য কৰিছিল বুলি দলটোৱে অভিযোগ দাখিল কৰিছিল।

তাৰ ভিত্তিতে মঙ্গলবাৰে প্ৰিয়ংকা গান্ধীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। আনহাতে আম আদমী পাৰ্টীৰ বিৰুদ্ধেও আয়োগে দাখিল কৰিছে এনে কাৰণ দৰ্শোৱা জাননী।

দলটোৰ ছ’চিয়েল হেণ্ডেলসমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে অপমানজনক কটাক্ষ কৰাৰ বিৰুদ্ধে এই জাননী জাৰি কৰিছে। আয়োগে দলটোৰ বিৰুদ্ধে ১৬ নৱেম্বৰৰ ভিতৰত নিৰ্বাচনী আচৰণবিধি ভংগ কৰাৰ জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

আয়োগে দিল্লী আৰু পঞ্জাৱত শাসনত থকা দলটোৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক এই জাননী জাৰি কৰিছে।

Also Read: গোৱালপাৰাৰ বগুৱানত নিশা পথ দুৰ্ঘটনা : থিতাতে দুজন নিহত

নৰেন্দ্ৰ মোডী নিৰ্বাচন আয়োগ আপ প্ৰিয়ংকা গান্ধী