ইডিৰ জেৰাৰ সন্মুখীন হ'ব দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল

ইডিৰ জেৰাৰ সন্মুখীন হ'ব দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল

ডিজিটেল ডেস্কঃ দিল্লীৰ আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত ২ নৱেম্বৰত ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন কৰিছে বলবৎকাৰী সঞ্চালকালয়ে।

দিল্লীৰ আবকাৰী নীতি (২০২১-২২) প্ৰণয়ন আৰু ৰূপায়ণত একাধিক অনিয়মৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় তদন্ত ব্যুৰো (চিবিআই)য়ে পঞ্জীয়ন কৰা প্ৰথম তথ্য প্ৰতিবেদনৰ ভিত্তিত এই ইডি গোচৰটো প্ৰস্তুত কৰা হৈছে।

ইতিমধ্যে একেটা গোচৰতে আণ্ডাৰট্ৰাইল হিচাপে জেলত আছে আপৰ দুজন জ্যেষ্ঠ নেতা মনীষ চিছ’দিয়া আৰু সঞ্জয় সিং। তদানীন্তন দিল্লীৰ উপ-মুখ্যমন্ত্ৰী চিছ’দিয়াক ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে কেইবাটাও ৰাউণ্ডৰ সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল আৰু ৫ অক্টোবৰত ইডিয়ে কেইবাঘণ্টা ধৰি জেৰাৰ অন্তত ৰাজ্যসভাৰ সদস্য সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰিছিল।

ইডিৰ জেৰাৰ সন্মুখীন হ'ব দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল
অভিলেখ : অষ্টমবাৰৰ বাবে বেলন ডি অৰ বঁটা লাভ ফুটবল তাৰকা লিয়নেল মেছিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in