ডিজিটেল সংবাদ ডিবৰুগড়ঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীৰ মতে ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এন আৰ চিৰ কথা কৈছে।
তেওঁ কয়, এন আৰ চিৰ সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ তদাৰক আৰু নিৰ্দেশত চলি আছে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ সন্দৰ্ভত বিভিন্ন বিষয়ত চৰকাৰৰ পৰা উচ্চতম ন্যায়ালয়ে শপত নামা বিচাৰিছিল যদিও আজি পৰ্যন্ত শপত নামা চৰকাৰে উচ্চতম ন্যায়ালয়ক প্ৰদান নকৰিলে । চৰকাৰ তথা মুখ্যমন্ত্ৰী গৰাকীৰ যি দায়িত্ব তাক পালন নকৰি মানুহৰ মাজত জনপ্ৰিয়তা আৰু ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ মুখ্যমন্ত্ৰীয়ে এন আৰ চিৰ কথা কৈছে ।
Also Read: তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত...
'ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ মুখ্যমন্ত্ৰীয়ে এন আৰ চিৰ কথা কৈছে'- লুৰিণজ্যোতি গগৈ