বিপদত ইণ্ডিয়া গোটৰ নেতা, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনঃ গ্ৰেপ্তাৰৰ সকলো পৰিকল্পনা প্ৰস্তুত ইডিৰ !

বিপদত ইণ্ডিয়া গোটৰ নেতা, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনঃ গ্ৰেপ্তাৰৰ সকলো পৰিকল্পনা প্ৰস্তুত ইডিৰ !

author-image
Asomiya Pratidin
New Update
বিপদত ইণ্ডিয়া গোটৰ নেতা, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনঃ গ্ৰেপ্তাৰৰ সকলো পৰিকল্পনা প্ৰস্তুত ইডিৰ !

বিপদত ইণ্ডিয়া গোটৰ নেতা, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনঃ গ্ৰেপ্তাৰৰ সকলো পৰিকল্পনা প্ৰস্তুত ইডিৰ !

ডিজিটেল ডেস্কঃ INDIA গোটৰ অন্যতম শক্তিশালী অংশীদাৰ দল তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা, মুখ্যমন্ত্ৰী হেমন্ত চোৰেন বিপদত। মুখ্যমন্ত্ৰীগৰাকীক আজি গ্ৰেপ্তাৰৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে ই ডিৰ এটা বৃহৎ দলে দিল্লীস্থিত তেওঁৰ বাসগৃহত উপস্থিত হৈ পুনৰ সোধাপোচা আৰম্ভ কৰিছে।

Advertisment

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ বিৰুদ্ধে আছে ভূমি কেলেংকাৰীৰ এক অভিযোগ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ই ডিৰ ফালৰ পৰা হেমন্ত চোৰেনলৈ কেইবাখনো চমন জাৰি কৰা হৈছিল।

ইয়াৰে ১০ নম্বৰৰ চমনখনত তেওঁক ২৯ ৰ পৰা ৩১ জানুৱাৰীৰ ভিতৰত সোধাপোছাৰ বাবে সময় বিচৰা হৈছিল। সেই অনুসৰিয়েই হেমন্ত চোৰেন দিল্লীত উপস্থিত হৈছিলগৈ। তেওঁ ইডিৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বানুমান কৰিয়েই আগতীয়াকৈ আইনী পদক্ষেপ লোৱাৰ চেষ্টা চলাইছিল। অৱশ্যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এই সন্দৰ্ভত কোনো কথাই প্ৰকাশ কৰা নাই।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিভিন্ন সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি হেমন্ত চোৰেনক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে তেওঁৰ বাসগৃহৰ বাহিৰে, ভিতৰে বৃহৎ সংখ্যক সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছে।

ইয়াৰ পূৰ্বে ২০ জানুৱাৰীত মুখ্যমন্ত্ৰীগৰাকীক তেওঁৰ আৱাসগৃহত ই ডিয়ে সোধাপোছা কৰিছিল। ইডিৰ মতে সেইদিনা তেওঁক গোচৰটোৰ সন্দৰ্ভত সম্পূৰ্ণ সোধাপোছা কৰা হোৱা নাছিল। সেয়ে পুনৰ চমন জাৰি কৰা হৈছে। উল্লেখ্য যে, অন্যান্য বিৰোধী শাসিত ৰাজ্যৰ দৰে ঝাৰখণ্ডতো ই ডিয়ে শেহতীয়াকৈ কেইবাবাৰো অভিযান চলাইছিল।

ঝাৰখণ্ডৰ দুটাকৈ ভূমি সম্পৰ্কীয় গোচৰৰ তদন্ত চলাই আছে ই ডিয়ে। ইয়াৰে এটা গোচৰ সেনাৰ ভূমিৰ সৈতে জড়িত আৰু আন এটা গোচৰ চাহিবগঞ্জৰ অবৈধ খনন সম্পৰ্কীয়। এই গোচৰৰ মুখ্য অভিযুক্ত পংকজ মিশ্ৰ আছে আৰক্ষীৰ জিম্মাত। এই পংকজ মিশ্ৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ ঘনিষ্ঠ তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ বৰহাইট বিধানসভা সমষ্টিৰ বিধায়ক।

Also Read: শিক্ষক নে গুণ্ডা? উঠিছে জালনোট ব্যৱসায়ৰো অভিযোগ...

হেমন্ত চোৰেন ঝাৰখণ্ড