শিক্ষক নে গুণ্ডা? উঠিছে জালনোট ব্যৱসায়ৰো অভিযোগ...

শিক্ষক নে গুণ্ডা? উঠিছে জালনোট ব্যৱসায়ৰো অভিযোগ...
শিক্ষক নে গুণ্ডা? উঠিছে জালনোট ব্যৱসায়ৰো অভিযোগ...

ডিজিটেল সংবাদ হাজোঃ হাজোৰ খোপনিকুচিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পবিত্ৰ শিক্ষাবৃত্তিক কলুষিত কৰি জালনোট ব্যৱসায়ী তথা গুণ্ডাৰূপী শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ।

জালনোট ব্যৱসায়ৰ দৰে অপৰাধমূলক কামত বাধাৰ দিয়াৰ বাবেই হত্যা চেষ্টা এজন লোকক। উল্লেখ্য যে, হাজো শিক্ষাখণ্ডৰ অধীনৰ খোপনিকুচিৰ শিক্ষক হাচমত আলীৰ বিৰুদ্ধে জালনোটৰ দৰে অবৈধ ব্যৱসায়ৰ অভিযোগ কিচমৎ আলীৰ।

শিক্ষকৰূপী জালনোট ব্যৱসায়ী হাচমত আলীৰ এই দুষ্কাৰ্যত কিচমৎ আলীয়ে বাধা দিয়াৰ বাবে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰে হাচমত আলীয়ে। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কিচমৎ আলী। পৰৱৰ্তী সময়ত তেওঁৰ উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয়।

পৰৱৰ্তী সময়ত কিচমৎ আলীৰ পত্নীয়ে হাজো থানাত এজাহাৰ দাখিল কৰে আৰু কিচমৎ আলীয়েও হাজো থানাত উপস্থিত হৈ সমগ্ৰ ঘটনা সংবাদ মাধ্যমৰ আগত সদৰি কৰে। শিক্ষক হাচমত আলীৰ বিৰুদ্ধে উত্থাপিত হোৱা জালনোটৰ ব্যৱাসয়ৰ দৰে গুৰুতৰ অপৰাধ কিমানদূৰ সত্য সেয়া অৱশ্যে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

শিক্ষক নে গুণ্ডা? উঠিছে জালনোট ব্যৱসায়ৰো অভিযোগ...
পুনৰ বহিঃ ৰাজ্যত মৃত্যু অসমৰ যুৱকৰঃ পত্নী, ৩ কন্যাক এৰি গৈছিল কৰ্মৰ সন্ধানত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in