শুকুৰবাৰে এক্সত মোডীক সমালোচনাঃ শনিবাৰে পুৱাই আপ নেতাৰ ঘৰত ইডিৰ অভিযান...

বিধায়ৰ গুলাব সিং যাদৱৰ বাসগৃহত ইডিৰ অভিযান
শুকুৰবাৰে এক্সত মোডীক সমালোচনাঃ শনিবাৰে পুৱাই আপ নেতাৰ ঘৰত ইডিৰ অভিযান...
শুকুৰবাৰে এক্সত মোডীক সমালোচনাঃ শনিবাৰে পুৱাই আপ নেতাৰ ঘৰত ইডিৰ অভিযান...

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে সন্ধিয়া ২ ঘণ্টা সোধপোচৰ অন্তত অৰবিন্দ কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত শুকুৰবাৰে আদালতে তেওঁক ৭ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছে। আপৰ নেতাজনক গ্ৰেপ্তাৰৰ পাছতে দিল্লীক ধৰি দেশৰ প্ৰায় প্ৰতিখন চহৰতে আপ কৰ্মীসকলে ইডি, কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে।

এনে প্ৰতিবাদৰ মাজতে পুনৰ এগৰাকী আপ নেতা তথা দিল্লীৰ বিধায়ক গুলাব সিং যাদৱৰ বাসগৃহকে ধৰি কেইবাটাও স্থানত চলালে ইডিয়ে অভিযান। শুকুৰবাৰে এক্সত গুলাব সিং যাদৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীক্ষ্ণ সমালোচনা কৰিছিল। ইয়াৰ পিছতে শনিবাৰে পুৱাই তেওঁৰ বাসগৃহত অভিযান চলোৱা বিষয়টোৱে ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।

উল্লেখ্য যে, গুলাব সিং যাদৱৰ বিৰুদ্ধে আছে পৌৰ পৰিষদৰ নিৰ্বাচনত টিকট দিয়াৰ নামৰ ধন লোৱাৰ অভিযোগ। ২০২২ ৰ দিল্লীৰ পৌৰ পৰিষদৰ নিৰ্বাচনৰ সময়ত তেওঁ এইদৰে প্ৰাৰ্থীৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছিল। ২০১৫ ত প্ৰথমবাৰৰ বাবে দিল্লীত শাসনলৈ আহিছিল আম আদমি পাৰ্টি। সেইবাৰ গুলাব সিং যাদৱো বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ২০২০ত তেওঁ দ্বিতীয়বাৰৰ বাবে পুনৰ বিধায়ক নিৰ্বাচিত হৈছিল।

উল্লেখ্য যে, ইডিয়ে এজনৰ পিছত এজনকৈ আপ নেতাৰ ঘৰত অভিযান অব্যাহত আছে। ইতিমধ্যে কেইবাজনো আপ নেতা বিভিন্ন গোচৰত কাৰাগাৰত বন্দী হৈ আছে। কেজৰিৱালক ইডিয়ে নিজৰ জিম্মাত লোৱাৰ পিছত বিধায়ক আমানতুল্লা খানৰ গৃহতো অভিযান চলাইছিল।

শুকুৰবাৰে এক্সত মোডীক সমালোচনাঃ শনিবাৰে পুৱাই আপ নেতাৰ ঘৰত ইডিৰ অভিযান...
বাসুগাঁৱত যানবাহন আৰক্ষীৰ জালত বাহনসহ ছাগলী চোৰ আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in