বাসুগাঁৱত যানবাহন আৰক্ষীৰ জালত বাহনসহ ছাগলী চোৰ আটক...

আৰক্ষী দেখি পলাল ৩ টা চোৰ
বাসুগাঁৱত যানবাহন আৰক্ষীৰ জালত বাহনসহ ছাগলী চোৰ আটক...
বাসুগাঁৱত যানবাহন আৰক্ষীৰ জালত বাহনসহ ছাগলী চোৰ আটক...

ডিজিটেল সংবাদ চিৰাং: ৰাজ্যত পুনৰ বিলাসী বাহনে দি ছাগলী চুৰিৰ ঘটনা সংঘটিত হৈছে। এইবাৰ ধুবুৰী জিলাৰ পৰা চিৰাঙৰ বাসুগাঁও চহৰত ছাগলী চোৰ কৰিবলৈ আহি যানবাহন আৰক্ষীৰ জালত পৰিল বাহনসহ এটা ছাগলী চোৰ।

প্ৰাপ্ত খবৰ অনুসৰি আজি দিনৰ ভাগত বাসুগাঁও চহৰৰ মুখ্য পথত কৰ্তব্যৰত যানবাহন আৰক্ষীয়ে নিয়মিত তালাচীৰ সময়ত AS 01 AN 4361 নম্বৰৰ এখন টাটা ইণ্ডিগ' বাহন ৰখিবলৈ সংকেত দিয়ে। যানবাহন আৰক্ষীক সন্মুখত দেখি বাহনখনৰ গতি কিছু কমাই দিয়াৰ লগতে বাহনখনৰ পিছপিনৰ আসনত বহি থকা দুজন লোক চলন্ত বাহনৰ পৰা নামি পলাবলৈ আৰম্ভ কৰে।

হঠাতে বাহনখনৰ পৰা দুয়োজন লোক নামি পলায়ন কৰা দেখি যানবাহন আৰক্ষীৰ দলটো সষ্টম হৈ পৰে। ইয়াৰ মাজতে বাহনখনৰ চালকজনে ভিৰৰ মাজেদি তীব্ৰ গতিত বাহনখন চলাই কাশিকোত্ৰাৰ দিশে পলায়ন কৰে।

ইপিনে যানবাহন আৰক্ষীৰ লোকে খেদি খেদি গৈ এজন লোকক আটক কৰে যদিও আন এজন লোক আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে ধৃত লোকজনক ধুবুৰী চহৰৰ বিদ্যাপাৰাৰ গুলাব কিব্ৰিয়া (৩৭) বুলি চিনাক্ত কৰে।

আনপিনে বাসুগাঁও আৰক্ষী থানাৰ আন এটা দলে পলায়ন কৰা বাহনখনক খেদি যায় যদিও আৰক্ষীয়ে বাসুগাঁও-কাশিকোত্ৰা সংযোগী গড়কাপ্তানী পথৰ নেহালগাঁৱৰ পথৰ দাঁতিত পৰিতক্ত অৱস্থাত হে বাহনখন উদ্ধাৰ কৰে ।

আৰক্ষীৰ লোকে জব্দ কৰা বাহনখন বাসুগাঁও থানালৈ অনাৰ পিছতে ডিকি খোলাত ডিকিৰ ভিতৰত মুখত টেপ লগোৱা অৱস্থাত পাঁচটা প্ৰাপ্তবয়স্ক ছাগলী উদ্ধাৰ কৰে। আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে জব্দ কৰা বাহনখনত ধুবুৰী চহৰৰ প্ৰৱঞ্চক হিচাপে পৰিচিত ধৃত ছাগলী চোৰ গুলাব কিব্ৰিয়াৰ উপৰি চালকসহ মুঠ চাৰিজনীয়া দল আছিল।

দুদিন আগতে বাসুগাঁও চহৰৰ উত্তম সাহাৰ বাসগৃহত ৩০ লক্ষাধিক সোণ ৰূপৰ অলংকাৰসহ নগদ ধন চুৰি হোৱাৰ ঘটনা মাৰ নাযাওঁতেই আজি বাসুগাঁও চহৰৰ মাজমজিয়াত দিনৰ পোহৰতে ছাগলী চোৰক আটক কৰা ঘটনাই বাসুগাঁও চহৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

বাসুগাঁৱত যানবাহন আৰক্ষীৰ জালত বাহনসহ ছাগলী চোৰ আটক...
ৰাছিয়া কনচাৰ্ট হলত ISIS ৰ আক্ৰমণঃ ৬০ জন লোক নিহত, আহতৰ সীমা-সংখ্য নাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in