সুৰা কেলেংকাৰী গোচৰত বিধ্বস্ত আপঃ এইবাৰ চলিছে জল ব'ৰ্ডৰ কেলেংকাৰীৰ অভিযান...

সুৰা কেলেংকাৰী গোচৰত বিধ্বস্ত আপঃ এইবাৰ চলিছে জল ব'ৰ্ডৰ কেলেংকাৰীৰ অভিযান...

author-image
Asomiya Pratidin
New Update
সুৰা কেলেংকাৰী গোচৰত বিধ্বস্ত আপঃ এইবাৰ চলিছে জল ব'ৰ্ডৰ কেলেংকাৰীৰ অভিযান...

সুৰা কেলেংকাৰী গোচৰত বিধ্বস্ত আপঃ এইবাৰ চলিছে জল ব'ৰ্ডৰ কেলেংকাৰীৰ অভিযান...

ডিজিটেল ডেস্কঃ দিল্লীৰ ১০ টাতকৈও অধিক স্থানত একেলগে প্ৰৱৰ্তন সঞ্চালকালয়ে চলাইছে অভিযান। মঙ্গলবাৰে ৰাজধানী দিল্লীত পুৱাৰে পৰা ইডিয়ে আম আদমি পাৰ্টিৰ কেইবাজনো জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিবৰ বাসগৃহত চলাইছে অভিযান।

Advertisment

উল্লেখ্য যে দিল্লীৰ জল ব'ৰ্ডৰ দুৰ্নীতিৰ সন্দৰ্ভত বিত্তীয় লেনদেনৰ এক গোচৰত এইদৰে অভিযান চলাইছে। মুখ্যমন্ত্ৰী কেজৰিৱালৰ ব্যক্তিগত সচিব বিভৱ কুমাৰ, জল ব'ৰ্ডৰ পূৰ্বৰ সদস্য শলভ কুমাৰ, আপৰ সাংসদ এন ডি গুপ্তা আদি নেতাৰ বাসগৃহত চলিছে ইডিৰ অভিযান।

দিল্লীৰ জল ব'ৰ্ডৰ সৈতে জড়িত এই দুৰ্নীতি আৰু ধনৰ লেনদেনৰ গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা জগদীশ আৰোৰা, ঠিকাদাৰ অনিল আগৰৱালক অতিৰিক্ত ৫ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। এই গোচৰৰ শুনানি দিল্লীৰ ৰাউজ এভিনিউ আদালতত হৈছিল।

জগদীশ আৰোৰা আৰু অনিল আগৰৱালক দিল্লী জল ব'ৰ্ডৰ বিদ্যুৎ চুম্বকীয় প্ৰবাহ মিটাৰ যোগান সম্পৰ্কীয় দুৰ্নীতি আৰু ধনৰ লেনদেনৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰথমে তেওঁলোকক আদালতে ৫ দিনৰ বাবে ইডিৰ জিম্মাত দিয়াৰ পাছত পুনৰ অতিৰিক্ত ৫ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

স্মৰ্তব্য, বিগত বছৰৰ ১৮ নৱেম্বৰত বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী মীনাক্ষি লেখি আৰু ৰাজ্যিক সভাপতি বীৰেন্দ্ৰ সচদেৱে এক সংবাদ মেলৰ জৰিয়তে দিল্লী জল ব'ৰ্ডত ৩,২৩৭ কোটি টকাৰ কেলেংকাৰীৰ দাবী কৰিছিল। এই সংবাদ মেলত দিল্লী জল ব'ৰ্ডৰ বেংক একাউণ্টৰ তথ্য, বিত্তীয় প্ৰতিবেদনৰ কথা উল্লেখ কৰি কৈছিল ২০১৮-১৯ বিত্তীয় বৰ্ষৰ পৰা ২০২২-২৩ বিত্তীয় বৰ্ষৰ ভিতৰত ব'ৰ্ডৰ বিত্তীয় ব্যয় সম্পৰ্কে বহু তথ্য লুকুৱাই ৰখা হৈছে। ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা ব'ৰ্ডৰ একাউণ্টৰ বিৱৰণ সঠিকভাৱে ঘোষণা কৰা হোৱা নাই। ব'ৰ্ডত এনে বহুকেইটা বিত্তীয় অনিয়ম পোহৰলৈ আহিছে।

তেওঁলোকে কৈছিল, ব'ৰ্ডে ৪৫০ টাতকৈও অধিক বেংক একাউণ্টত প্ৰায় ১১০ খন বেলেঞ্চ দেখুৱাই নাই। ইয়াৰে ৭৭ টা একাউণ্টাত প্ৰায় ১০০ কোটিৰো অধিক ধনৰ লেনেদন জড়িত হৈ আছে। কেইবাটাও একাউণ্টত বেলেঞ্চ শূন্য দেখুওৱা হৈছে কিন্তু সেই একাউণ্টত কোটি কোটি টকা জমা হৈ আছে। ব'ৰ্ডৰ হিচাপত প্ৰায় ৩০০ কোটিৰ বিত্তীয় লেনদেনৰ তথ্যই নাই। ব'ৰ্ডৰ ২০১৮ ৰ বিত্তীয় ৰিপ'ৰ্টত ১,১৬৭ কোটি টকাৰ হিচাপ নাই।

বেংক এডজাষ্টমেণ্টৰ নামত, প্ৰায় ১১৭ কোটি টকাৰ এণ্ট্ৰী দেখুওৱা হৈছে, যিটো কোনো দিশৰ পৰাই ন্যায়সঙ্গত যেন নালাগে। প্ৰায় ১৩৫ কোটি টকাৰ ফিক্সড ডিপোজিটৰ প্ৰমাণপত্ৰৰ তথ্যও দেখুওৱা হোৱা নাই। ব'ৰ্ডৰ বিত্তীয় বিবৃতিত ব্যয় নোহোৱা ধনৰ পৰিমাণ প্ৰায় ১,৬০১ কোটি টকা দেখুওৱা হৈছে কিন্তু ব'ৰ্ডৰ একাউণ্টত এই ধন দেখিবলৈ পোৱা নাই।

এইদৰেই দিল্লী জল ব'ৰ্ডৰ কেলেংকাৰীৰ তথ্য বিজেপিয়ে প্ৰকাশ কৰাৰ পাছতে ইডিয়ে সমগ্ৰ কেলেংকাৰীৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰু ইতিমধ্যে দুজন গ্ৰেপ্তাৰ কৰিছে। ইফালে আম আদমি পাৰ্টীয়ে এই সমগ্ৰ অভিযোগ নস্যাত কৰিছে আৰু এয়া ৰাজনৈতিক আক্ৰোশ বুলিহে মন্তব্য কৰিছে। আপক শেষ কৰিবলৈকে এইদৰে বিভিন্ন ধৰণৰ কেলেংকাৰীৰ অভিযোগেৰে দলটোৰ নেতাসকলক হাৰাশাস্তি কৰাৰো অভিযোগ উঠিছে।

Also Read: ৫০ শতাংশৰো অধিক হ'ব জাতিগত সংৰক্ষণঃ যদিহে...

ইডি দিল্লী আপ