
ডিজিটেল ডেস্কঃ ভূমিৰ বিনিময়ত চাকৰিৰ কেলেংকাৰী গোচৰৰ সন্দৰ্ভত বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তথা লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱৰ গৃহত অভিযান চলাইছে ইডিয়ে৷ প্ৰৱৰ্তন সঞ্চালকালয়ে শুকুৰবাৰে বিহাৰৰ তেজস্বী যাদৱৰ দিল্লীস্থিত বাসগৃহত চলালে ভূমি-চাকৰিৰ গোচৰৰ সন্দৰ্ভত এই অভিযান।
পুৱাৰে পৰা চলা এই অভিযান বৰ্তমানেও অব্যাহত আছে। উল্লেখ্য যে, কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চি বি আই)য়ে অলপতে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱী আৰু প্ৰাক্তন ৰে'ল মন্ত্ৰী লালু প্ৰসাদকো ভূমিৰ বিনিময়ত চাকৰিৰ কেলেংকাৰী গোচৰ সন্দৰ্ভত সোধ-পোছ কৰিছিল।
চি বি আইয়ে ৰুজু কৰা এক গোচৰত অভিযোগ উত্থাপন কৰা হৈছিল যে, তদানীন্তন ৰে'ল মন্ত্ৰী লালু প্ৰসাদ যাদৱে ভূমিৰ বিনিময়ত ৰে'লৱেৰ চাকৰি প্ৰদান কৰিছিল। চি বি আইৰ তথ্য মতে লালু প্ৰসাদ যাদৱ কেন্দ্ৰীয় ৰে'লমন্ত্ৰী হৈ থকাৰ সময়তে জি এম আৰু চি পি অ'ৰ সৈতে ষড়যন্ত্ৰত অভিযুক্ত ব্যক্তিয়ে লালু প্ৰসাদৰ পৰিয়ালৰ বিভিন্ন ব্যক্তিৰ নামত নিযুক্তিৰ বাবে ভূমি হস্তান্তৰ কৰিছিল।
এই গোচৰতে চি বি আইয়ে ইয়াৰ পূৰ্বে আৰ জে ডিৰ মুৰব্বী লালু প্ৰসাদ, তেওঁৰ পত্নী তথা প্ৰাক্তন মন্ত্ৰী ৰাবড়ী দেৱী, তেওঁলোকৰ দুই কন্যা আৰু আন ১৫ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ২০০৪ ৰ পৰা ২০০৯ চনৰ সময়ছোৱাত লালু যাদৱে ৰে'লৱেৰ বিভিন্ন ক্ষেত্ৰত গ্ৰেড-ডি পোষ্টত নিযুক্তিৰ সলনি পৰিয়ালৰ সদস্যসকলৰ নামত ভূমিযুক্ত সম্পত্তি স্থানান্তৰ কৰাই আৰ্থিক মুনাফা আদায় কৰিছিল৷
পাটনাৰ কেইবাজনো বাসিন্দাই নিজে বা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ জৰিয়তে লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ দ্বাৰা নিয়ন্ত্ৰিত এটা প্ৰতিষ্ঠানক ৰাজধানী দিল্লীত মাটি উপহাৰ দিছিল। চি বি আইৰ মতে, "ৰে'লৱেৰ এনেসমূহ বিকল্প নিযুক্তিৰ বাবে কোনো বিজ্ঞাপন বা কোনো ৰাজহুৱা জাননী জাৰি কৰা নাছিল, তথাপিও পাটনাৰ বাসিন্দা নিয়োগকাৰীসকলক মুম্বাই, জবলপুৰ, কলকাতা, জয়পুৰ আৰু হাজিপুৰত অৱস্থিত বিভিন্ন জ’নেল ৰে'লৱেত নিযুক্তি দিয়া হৈছিল।
এই কাৰ্যপ্ৰণালীৰ ধাৰাবাহিকতাত, পাটনাত অৱস্থিত প্ৰায় ১,০৫,২৯২ বৰ্গফুট ভূমি যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে পাঁচখন বিক্ৰী দলিল আৰু দুটা উপহাৰ দলিলৰ জৰিয়তে অধিগ্ৰহণ কৰিছিল, আৰু বেছিভাগ ভূমি স্থানান্তৰত বিক্ৰেতাক নগদ ধন পৰিশোধ কৰা দেখুৱাইছিল"৷ উল্লেখ্য, বিগত বছৰৰ জুলাইত, চিবিআইয়ে এই গোচৰটোৰ সন্দৰ্ভত লালু যাদৱৰ সহায়ক আৰু বিশেষ কৰ্তব্যৰ প্ৰাক্তন বিষয়া (অ'এছডি) ভোলা যাদৱক গ্ৰেপ্তাৰ কৰিছিল।