
ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউত স্বৰ্গদেউসকলৰ সশ্ৰদ্ধ স্মৃতিত স্মৃতি তৰ্পণ অনুষ্ঠান। ৬০০ বছৰীয়া আহোম সাম্ৰাজ্যৰ পাতনি মেলা স্বৰ্গদেউ চাওলু চুকাফাকে ধৰি ৩৯ গৰাকী স্বৰ্গদেউ পুণ্যাত্মা আৰু তেওঁলোকৰ আৰাধ্য দেৱতাৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে চৰাইদেউত আয়োজন কৰা হৈছে স্মৃতি তৰ্পণ অনুষ্ঠান।
আয়োজক সমিতিয়ে জনোৱা অনুসৰি শুক্ৰবাৰ পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাংগণত স্মৃতি তর্পণ অনুষ্ঠানৰ আয়োজন কৰিব লোৱা হৈছে। উল্লেখযোগ্য যে প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণা চতুৰ্থী তিথিত স্বদেশ আৰু স্বজাতিৰ উন্নতি কামনা কৰি ৪২ খন শৰাই আগবঢ়াই আশিস বিচাৰি পৰম্পৰাগতভাৱে পালন কৰি অহা এই স্মৃতি তৰ্পণ অনুষ্ঠানটি এইবছৰ ৭১ সংখ্যক বৰ্ষত ভৰি দিছে।
তৰ্পণৰ কাৰ্যসূচী অনুসৰি আজি পুৱা লাংকুৰি দৌলৰ প্ৰাংগণ ভকত- বৈষ্ণৱৰ উপস্থিতিত আহোমসকলৰ আৰাধ্য দেৱতা চোমদেউলৈ পায়স অর্পণ কৰা হয়। সন্ধিয়ালৈ বন্তি প্রজ্বলন আৰু নিশালৈ নাম- কীৰ্তনৰ অনুষ্ঠিত হ'ব।
দ্বিতীয় দিনা পুৱা ধৰ্মধ্বজা উত্তোলন কৰিব তৰ্পন সমিতিৰ স্থায়ী সভাপতি ৰোহিনী মহনে ৷ ইয়াৰ পিচতেই টাই পৰম্পৰাগত ৰীতি-নীতিৰে বান ফি পূজা সম্পন্ন কৰা লগে লগেই স্বৰ্গদেউসকলৰ লগতে তেওঁলোকৰ আৰাধ্য দেৱতাৰ সোঁৱৰণত ৪২ খন পায়সৰ শৰাই উচৰ্গা কৰা হ'ব ৷
দিনৰ ১ বজাত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত তৰ্পণ সমিতিৰ ভূমিকা শীৰ্ষক এখনি আলোচনা সভাত অনুষ্ঠিত হ'ব ৷ উল্লেখ্য যে আহোম ৰাজত্বৰ সময়ছোৱা ১২২৮ ৰ পৰা ১৮২৬ খ্রীষ্টাব্দলৈ সুদীর্ঘকাল শাসন কৰা ৩৯ গৰাকী স্বৰ্গদেউৰ লগতে আৰাধ্য দেৱতা লেংডেন, ঙি খুনলুং আৰু ভি খুনলাইৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰি ৪২ খন পায়সৰ শৰাই আগবঢ়াই ১৯৫২ চনৰ পৰা প্ৰতি বছৰে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰম্পৰাগতভাৱে এই স্মৃতি তৰ্পণ অনুষ্ঠানটি অনুষ্ঠিত কৰি অহা হৈছে বুলি জনায় ৷