সুৰা কেলেংকাৰীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল মনিষ ছিচদিয়াই: ইডি

সুৰা কেলেংকাৰীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল মনিষ ছিচদিয়াই: ইডি

author-image
Asomiya Pratidin
New Update
দিল্লীৰ শিক্ষামন্ত্ৰীলৈ চিবিআইৰ তলব, সন্মুখীন হ'ব লাগিব দিনৰ ১১ বজাত

ডিজিটেল ডেস্কঃ সুৰা কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ এতিয়াও চলি আছে। ইডি গোচৰত চিছোদিয়াৰ জামিন আবেদনৰ শুনানি চলি আছে।

Advertisment

ইডিয়ে কয় যে সুৰা কেলেংকাৰীৰ ষড়যন্ত্ৰ, নীতি নিৰ্ধাৰণ আৰু ৰূপায়ণত মনীষ চিছোদিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইডিয়ে কৈছিল যে তেওঁ জিঅ'এমৰ মুৰব্বী আছিল আৰু কেবিনেটৰ বিষয়ে সকলো জ্ঞান আছিল।নীতি পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

ইডিয়ে কয় যে, এজন ব্যক্তিক খুচুৰা ব্যৱসায়ৰ বাবে দুখন অনুজ্ঞাপত্ৰ দিয়াৰহে নিয়ম আছিল। ইয়াৰ বাবে লটাৰী প্ৰণালী গ্ৰহণ কৰিব লগা হৈছিল, সকলো ক্ষেত্ৰতে ২৭ খন দোকান আছিল।

জিঅ'এম বা বিশেষজ্ঞ সমিতিয়ে নীতি পৰিৱৰ্তনৰ বিষয়ে অৱগত নাছিল। যদি কিবা পৰিৱৰ্তন কৰা হ'লহেঁতেন, জিঅ'এম বা বিশেষজ্ঞ সমিতিয়ে ইয়াৰ বিষয়ে অৱগত হ'লহেঁতেন। গোপনে কোনো নীতি প্ৰস্তুত কৰা নহয়। হোলচেল দোকানৰ অনুজ্ঞাপত্ৰ ব্যক্তিগত খণ্ডত দিয়াতো কোনো চৰ্চা হোৱা নাছিল। ইডিয়ে কয় যে এই আবকাৰী নিয়ম সমূহ সংগোপনে বনোৱা হৈছিল।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে গ্ৰেপ্তাৰ হৈছিল মনিষ ছিচদিয়া। গ্ৰেপ্তাৰ হোৱাৰ পাছতেই উপমুখ্যমন্ত্ৰী পদ ত্যাগ কৰিছিল ছিচদিয়াই। ঘটনা সন্দৰ্ভত এতিয়াও তদন্ত অব্যাহত ৰাখিছে ইডিয়ে।

Also Read: সাধাৰণৰ পৰা গধুৰ বাহনলৈ! ১৩ আৰু ১৪ এপ্ৰিলৰ বাবে বিশেষ পথ নিৰ্দেশনা