
ডিজিটেল ডেস্কঃ ১৪ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। গুৱাহাটীত কেইবাটাও অনুষ্ঠানত অংশ গ্ৰহণ কৰিব মোডীয়ে। সৰুসজাইত অনুষ্ঠিত হ'ব লগীয়া বিহু অনুষ্ঠানতো অংশ গ্ৰহণ কৰিব মোডীয়ে।
ইয়াৰ পূৰ্বে গুৱাহাটী আৰক্ষী আৰু ট্ৰেফিক আৰক্ষীয়ে এক সংবাদমেল সম্বোধন কৰি বিশেষ পথ নিৰ্দেশনা জাৰি কৰে। তলত সৱিশেষ উল্লেখ কৰা হল-
১৩, ১৪ এপ্ৰিলৰ বাবে গুৱাহাটী মহানগৰীত পথ নির্দেশনা আৰক্ষীৰ ।
উজনিৰ পৰা অহা গধুৰ বাহন বাইহাটা হৈ যাবলৈ নিৰ্দেশ ।
নামনিৰ পৰা অহা গধুৰ বাহনো কলিয়াভোমোৰা, নলবাৰী হৈ যোৱাৰ নিৰ্দেশ ।
যিসকল দৰ্শকৰ বাহনৰ পাছ আছে তেওঁলোকে সঠিক সময়ত আহি কোনফালে সোমব লাগে চাই সোমাব ।
কাৰ পাছ নোহোৱা সকলৰ বাবে পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে । নিৰ্দিষ্ট স্থানত গাড়ীসমূহ ৰাখিব ।
পাছ সমূহত কিছু নিৰ্দেশনা লিখি দিয়া হৈছে।সেইখিনি মানি চলিবলৈ আহ্বান ।
১৩ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা নিশা ১১ বজালৈ বাণিজ্যক বাহনৰ চলাচলত নিষেধাজ্ঞা ।
১৪ এপ্ৰিলতো ৭ বজাৰ পৰা নিশা ৯ বজালৈ একেই নিশেধাজ্ঞা ।
উজনিৰ পৰা অহা বহানসমূহ ১৪ এপ্ৰিলৰ ১২ বজাৰ পৰা নিশা ৯ বজালৈ খানাপাৰা, জি এছ ৰোড হৈ যাবলৈ নিৰ্দেশ ।
১৩ আৰু ১৪ তাৰিখে ৰাজপথৰ কাষত পাৰ্কিঙত নিষেধাজ্ঞা ।
আবেলি ৪ বজাৰ পৰা নিশা ৮ বজালৈ গুৱাহাটীৰ হাইৱেত সাধাৰণ যিকোনো বাহনৰ চলাচল বন্ধ। গুৱাহাটীৰ ভিতৰৰ পথ সমূহ ব্যৱহাৰ কৰিবলৈ আহ্বান।