কাৰাগৰৰ ভিতৰত চুইমিং পুল লাগে আপৰ প্ৰাক্তন মন্ত্ৰীক...

আম আদমী পাৰ্টীৰ নেতা তথা দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সৈতেন্দ্ৰ জৈনৰ অন্তৱৰ্তীকালীন চিকিৎসা জামিনৰ ম্যাদ বৃদ্ধিৰ বিৰোধিতা কৰে ইডিয়ে।

author-image
Asomiya Pratidin
New Update
কাৰাগৰৰ ভিতৰত চুইমিং পুল লাগে আপৰ প্ৰাক্তন মন্ত্ৰীক...

ডিজিটেল ডেস্কঃ আম আদমী পাৰ্টীৰ নেতা তথা দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সৈতেন্দ্ৰ জৈনৰ অন্তৱৰ্তীকালীন চিকিৎসা জামিনৰ ম্যাদ বৃদ্ধিৰ বিৰোধিতা কৰে ইডিয়ে। শুকুৰবাৰে ইডিয়ে দাবী কৰিছিল যে সৈতেন্দ্ৰ জৈনে জেলৰ ভিতৰত চুইমিং পুল বিচাৰিছে। ইডিয়ে ৩০ মে'ত ধনৰ কেলেংকাৰী সন্দৰ্ভত মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিছিল।

মন্ত্ৰী গৰাকীৰ অধিবক্তাই চিকিৎসা সন্দৰ্ভত কথা কৈ সৈতেন্দ্ৰ জৈনৰ অন্তৱৰ্তীকালীন জামিন বৃদ্ধি কৰাৰ বাবে আবেদন জনাইছিল। অধিবক্তাগৰাকীয়ে কৈছে যে, প্ৰাক্তন মন্ত্ৰী গৰাকীৰ এটা অস্ত্ৰোপচাৰৰ পাছত স্বাস্থ্যৰ অৱনতি ঘটিছে। যাৰ বাবে তেওঁৰ জামিনৰ সময় বৃদ্ধি কৰিব লাগে। কিন্তু ইয়াৰ বিৰোধিতা কৰি ইডিয়ে কৈছে যে  চিকিৎসকে এনেধৰণৰ কোনো কথা কোৱা নাই।

ইডিয়ে কৈছে যে সৈতেন্দ্ৰ জৈনৰ সৈতে সাধাৰণ নাগৰিকৰ দৰে ব্যৱহাৰ কৰিব লাগে। ইডিৰ হৈ উপস্থিত থকা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে কৈছিল যে জৈনে কাৰাগাৰত এটা চুইমিং পুল বিচাৰিছিল। এইমছত জৈনৰ তদন্তৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে প্ৰয়োজন হ'লে জৈনক ফিজিঅ'থেৰাপীৰ বাবে চুইমিং পুললৈ লৈ যাব পাৰি।ইয়াৰ পাছতে জৈনৰ জামিনৰ সময় ১ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰে।

Also Read: ভূপেন বৰাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰজু কৰা হ'ব : প্ৰমোদ বড়ো

aap