ভূপেন বৰাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰজু কৰা হ'ব : প্ৰমোদ বড়ো

ভূপেন বৰাৰ মন্তব্যক লৈ বিটিচি প্ৰধান প্ৰমোদ বড়োই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ভূপেন বৰাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব বুলি উল্লেখ কৰিছে।

author-image
Asomiya Pratidin
New Update
ভূপেন বৰাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰজু কৰা হ'ব : প্ৰমোদ বড়ো

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ মন্তব্যক লৈ বিটিচি প্ৰধান প্ৰমোদ বড়োই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ভূপেন বৰাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব বুলি উল্লেখ কৰিছে। কোনো ধৰণৰ তথ্য প্ৰমান নোহোৱাকৈ অকল ৰাজনীতিৰ স্বাৰ্থত ভূপেন বৰাই যি কথা কৈ গ'ল ইয়াৰ দ্বাৰা কংগ্ৰেছৰ এটা ভোটো বৃদ্ধি নহয় বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োয়ে।

Advertisment

শনিবাৰে কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা নৱাগতা আদৰণি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত উক্ত মন্তব্য কৰে প্ৰমোদ বড়োই। উল্লেখ্য যে যোৱা ২৪ আগষ্টত কংগ্ৰেছৰ এক দলীয় সভাত অংশগ্ৰহণ কৰি ভূপেন বৰাই কৈছিল যে, প্ৰমোদ বড়োৰ এতিয়া শ্লোগান হৈছে ডিভাইড মানি ফিফটি ফিফটি হৈছে। লগতে কোকৰাঝাৰলৈ যিমান পইচা আহে তাৰে আধা তেওঁ ল'ব আৰু আধা দিছপুৰক দিব বা বিজেপিক দিব বুলি মন্তব্য কৰিছিল ।

তদুপৰি বড়োলেণ্ড লাগে বুলি কোৱা একাংশ নেতা এতিয়া বেংগালৰু আৰু দিল্লীত মাটি কিনিছে বুলি মন্তব্য কৰিছিল। উক্ত মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি আজি প্ৰমোদ বড়োৱে কয় যে নিজৰ পৈত্ৰিক ঘৰতে থাকিবলৈ সময় নাপাও , তেনেক্ষেত্ৰত দিল্লী , বেংগালৰুত মাটি কিয় লাগে ? ৰাজনীতি কৰাৰ নামত তেখেতে যি কথা কৈ গ'ল ইয়াৰ দ্বাৰা কংগ্ৰেছৰ এটাও ভোট বৃদ্ধি নহয় বৰঞ্চ কমি যাব ।

প্ৰমোদ বড়ো আৰু ইউপিপিএলৰ কথা কৈ কংগ্ৰেছৰ নতুনকৈ কোনো উত্থান নহয় ৷ কাৰণ ইতিমধ্যে বিটিচিত হাগ্ৰামা মহিলাৰীয়ে কংগ্ৰেছৰ কঁকাল ভাঙি থৈছে ৷ কংগ্ৰেছক নিঃশেষ কৰিছে ৷ ৰাজ্যিক সভাপতিৰ দায়িত্বত থাকি এনে ধৰণৰ মন্তব্য কৰাটো দুৰ্ভাগ্যজনক আৰু ইয়াৰ প্ৰমান দিব নোৱাৰিলে ভূপেন বৰা জে'লত যাব লাগিব বুলি কয়।

অতি ক্ষুব্ধতাৰে প্ৰমোদ বড়োই কয় কংগ্ৰেছৰ শাসনকালছোৱা বিটিচিৰ বাবে ক'লা অধ্যায় আছিল । ২০০৮ , ২০১২ আৰু ২০১৪ চনৰ গোষ্ঠী সংঘৰ্ষ , হত্যা-হিংসা কোনেও পাহৰা নাই বুলি উল্লেখ কৰি বৰ্তমান বিজেপি-ইউপিপিএল আৰু জিএচপিৰ শাসনকালত শান্তি ঘূৰি আহিছে বুলি কয়। ক্ষমতাৰ বাবে বিভেদ , সন্দেহ অনাটো ঠিক নহয় বুলি মন্তব্য কৰি ভূপেন বৰা ৰাজনৈতিকভাৱে এজন অপৈণত ব্যাক্তি বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে।

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা কৰি প্ৰমোদ বড়োই কয় যে ৫ খন উন্নত ৰাজ্যৰ ভিতৰত অসমক প্ৰতিষ্ঠা কৰাৰ যি ভিছন তাকে লৈ তেওঁলোকে কাম কৰি আছে। কংগ্ৰেছৰ ইয়াত কোনো অস্তিত্ব নাই আৰু আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচন খেলাটো বিচাৰো বুলি মন্তব্য কৰিছে ।

উল্লেখ্য যে কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ নৱাগতা আদৰণি সভাত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োই শিক্ষানুষ্ঠানখনৰ প্ৰশংসা কৰাৰ লগতে শিক্ষানুষ্ঠানখনক এককোটিৰ আৰ্থিক পুঁজি দিয়া হ'ব বুলি ঘোষণা কৰিছে । আনহাতে তামুলপুৰ জিলাৰ মৰ্যদা পুণৰাই ঘূৰাই দিয়াত উন্নয়নৰ গতি অধিক ত্বৰান্বিত হ'ব বুলি মন্তব্য কৰে। আজিৰ অনুষ্ঠানত বিধায়ক লৰেঞ্চ ইছলাৰীও উপস্থিত আছিল ।

Also Read: সপ্তম যোৰহাট মুকলি অসম ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতা আৰম্ভ

btc