ইডিৰ ক্ষমতাত লেকাম নলগালে এই দেশত কোনো সুৰক্ষিত নহয়ঃ উচ্চতম ন্যায়ালয়ত এই দাবী...

ইডিৰ ক্ষমতাত লেকাম নলগালে এই দেশত কোনো সুৰক্ষিত নহয়ঃ উচ্চতম ন্যায়ালয়ত এই দাবী...

author-image
Asomiya Pratidin
New Update
ইডিৰ ক্ষমতাত লেকাম নলগালে এই দেশত কোনো সুৰক্ষিত নহয়ঃ উচ্চতম ন্যায়ালয়ত এই দাবী...

ইডিৰ ক্ষমতাত লেকাম নলগালে এই দেশত কোনো সুৰক্ষিত নহয়ঃ উচ্চতম ন্যায়ালয়ত এই দাবী...

ডিজিটেল ডেস্কঃ 'আৰ্থিক দুৰ্নীতি সংক্ৰান্তত তদন্তৰ বাবে অপাৰ ক্ষমতা দিয়া হৈছে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ই ডিক। এই ক্ষমতাত লেকাম লগোৱাৰ প্ৰয়োজন। অন্যথা এই দেশত কোনো সুৰক্ষিত নহয়।'

মঙ্গলবাৰে বৰ্ষীয়ান আইনজীৱি হৰিশ ছালভেয়ে এক গোচৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এই দাবী উত্থাপন কৰিলে। ন্যায়াধীশ এ এছ বোপান্না আৰু এম এম সুন্দৰেশেৰ বিপাৰপীঠত চলিছিল এই গোচৰৰ শুনানি।

উল্লেখ্য, কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ই ডিক কেন্দ্ৰত শাসনাধিস্থ বিজেপি চৰকাৰে নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰি অহাৰ অভিযোগ উঠিছে। ই ডিক ব্যৱহাৰ কৰিয়েই বিজেপি নেতৃত্বাধীন চৰকাৰে বিৰোধী ৰাজনৈতিক নেতা, দল, সংগঠন আদিৰ নেতাৰ মুখ বন্ধ কৰাৰ চেষ্টা চলোৱাৰো অভিযোগ দীৰ্ঘদিনীয়া।

নে প্ৰেক্ষাপটত উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তাগৰাকীৰ এই দাবীয়ে এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে। স্মৰ্তব্য, গুৰুগ্ৰামৰ ৰিয়েল ইষ্টেট সংস্থা এম থ্ৰি এমৰ বিৰুদ্ধে আৰ্থিক দুৰ্নীতিৰ গোচৰ চলি আছে উচ্চতম ন্যায়ালয়ত। এম থ্ৰি এমৰ দুই কৰ্ণধাৰ বসন্ত বনছল আৰু পংকজ বনছলক ই ডিয়ে গ্ৰেপ্তাৰ কৰিছে।

সংস্থাৰ পক্ষৰ অধিবক্তা হৰিশ ছালভে গোচৰটোৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত মংগলবাৰে কয়, ই ডিক প্ৰভূত ক্ষমতা দিয়া হৈছে। যদি আদালতে তাত লেকাম নলগায় তেন্তে এই দেশত কোনো নিৰাপদ নহয়। কিদৰে ধাৰাবাহিক ভাৱে গ্ৰেপ্তাৰ কাৰ্য চলি আছে চাওক।এইদৰে গ্ৰেপ্তাৰ অধিকাৰৰ উলংঘন। এই ক্ষমতাক লেকাম লগোৱাৰ দৰকাৰ।

Also Read: মণিপুৰত ৰিজাৰ্ভ বেটেলিয়নৰ শিবিৰৰ পৰা অস্ত্ৰ লুটপাতৰ চেষ্টাঃ এজন নিহত, ২৩ জন আহত...

ইডি উচ্চতম ন্যায়ালয়