মণিপুৰত ৰিজাৰ্ভ বেটেলিয়নৰ শিবিৰৰ পৰা অস্ত্ৰ লুটপাতৰ চেষ্টাঃ এজন নিহত, ২৩ জন আহত...

মণিপুৰত ৰিজাৰ্ভ বেটেলিয়নৰ শিবিৰৰ পৰা অস্ত্ৰ লোটপাতৰ চেষ্টাঃ এজন নিহত, ২৩ জন আহত...

author-image
Asomiya Pratidin
New Update
মণিপুৰত ৰিজাৰ্ভ বেটেলিয়নৰ শিবিৰৰ পৰা অস্ত্ৰ লুটপাতৰ চেষ্টাঃ এজন নিহত, ২৩ জন আহত...

মণিপুৰত ৰিজাৰ্ভ বেটেলিয়নৰ শিবিৰৰ পৰা অস্ত্ৰ লোটপাতৰ চেষ্টাঃ এজন নিহত, ২৩ জন আহত...

ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা। পুনৰ ৰাজ্যখনত সংঘটিত হৈছে ৰিজাৰ্ভ বেটেলিয়নৰ শিবিৰৰ পৰা অস্ত্ৰ লুট কৰাৰ অপচেষ্টা। মংগলবাৰে নিশা সংঘটিত হোৱা এই ঘটনাত ২৩ জন লোক আহত হোৱাৰ লগতে এজনৰ মৃত্যু হৈছে।

Advertisment

ৰাজ্যখনৰ থৌবাল জিলাৰ ৩ নম্বৰ ৰিজাৰ্ভ বেটেলিয়নৰ শিবৰত স্থানীয় লোকে ভিৰ কৰি বেটেলিয়নৰ ৰাইফল, গুলী আদি লুটপাত কৰাৰ চেষ্টা চলাই। সেনাৰ ফালৰ পৰা এই সন্দৰ্ভত জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, সেনাক পথত অৱৰোধ কৰি প্ৰতিবাদী লোকসকলে ৰিজাৰ্ভ বেটেলিয়নৰ শিবিৰৰ পৰা অস্ত্ৰ লোট কৰাৰ চেষ্টা কৰে।

আছাম ৰাইফলছ আৰু আৰ এ এফে পৰিস্থিতি চম্ভালিবলৈ সক্ষম হয়। তেতিয়াই সংঘৰ্ষৰ ফলত এজন লোকৰ মৃত্যু হৈছে। ঘটনাত আহত হৈছে ২৩ জন। উল্লেখ্য যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মণিপুৰক নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা কৰিছে যদিও এতিয়া মণিপুৰ উত্তপ্ত হৈ আছে।

অব্যাহত আছে অগ্নিগৰ্ভ পৰিস্থিতি। আৰক্ষীয়ে প্ৰকাশ কৰা মতে সোমবাৰে সংঘৰ্ষত লিপ্ত হোৱা ৩২৬ জনক গ্ৰেপ্তাৰ কৰিছে। বিগত দুমাহ ধৰি ৰাজ্যখনৰ মেইতেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘাত চলি আছে।

এই ৰাজ্যখনৰ হিংসাত্মক ঘটনা হ্ৰাস কৰাত চূড়ান্ত ৰূপত ব্যৰ্থ হৈছে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰ। এই পৰ্যন্ত ১২০ জন লোকৰ মৃত্যু হৈছে। আহত হৈছে ৩ হাজাৰৰো অধিক লোক। ঘৰ এৰিছে লক্ষ্যাধিক লোকে।

Also Read: হাতী-মানুহৰ সংঘাত ৰোধিবলৈ হাতীখুলিত নেপিয়াৰ ঘাঁহ, ব্ৰুম গ্ৰাছ ৰোপণ...

মণিপুৰ