ED ৰ নাম সলনি কৰাৰ আহ্বান শিৱসেনাৰ সাংসদৰ...

ED ৰ নাম সলনি কৰাৰ আহ্বান শিৱসেনাৰ সাংসদৰ...
ED ৰ নাম সলনি কৰাৰ আহ্বান শিৱসেনাৰ সাংসদৰ...

ডিজিটেল ডেস্কঃ দেশৰ স্বতন্ত্ৰ তদন্তকাৰী সংস্থা প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ই ডি এতিয়া বিজেপিৰ সম্প্ৰসাৰিত বিভাগলৈ পৰিণত হৈছে। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ এগৰাকী শিৱসেনাৰ সাংসদৰ।

দেশজুৰি ইডিয়ে বিভিন্ন সময়ত বিভিন্ন অভিযান চলাই আহিছে। তাৰ মাজতে ইডি বহু সময়ত প্ৰশ্নৰ সন্মুখীন হৈছে। বিশেষকৈ বিৰোধী নেতাৰ কণ্ঠ ৰোধ কৰাৰ বাবে ই ডিক শাসকীয় বিজেপি চৰকাৰে ব্যৱহাৰ কৰি অহাৰ ব্যাপক অভিযোগ উত্থাপিত হৈ আহিছে।

তাৰ মাজতে ইডিক বিজেপিৰ সম্প্ৰসাৰিত বিভাগ বুলি উল্লেখ কৰি দেশৰ ৰাজনীতিত এক নতুন চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসেনাৰ সাংসদগৰাকীয়ে। মহাৰাষ্ট্ৰৰ শিৱসেনা (উদ্ধৱ থাকৰে) গোটৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে উত্থাপিত কৰিছে এই অভিযোগ।

সাংসদগৰাকীৰ মতে ই ডিয়ে সম্পূৰ্ণ নাম প্ৰৱৰ্তন সঞ্চালকালয়ৰ পৰা বিজেপিৰ সম্প্ৰসাৰিত বিভাগলৈ পৰিৱৰ্তন কৰিব লাগে। তেওঁ কয়, ৰাজস্থানত যি দেখিছো সমগ্ৰ দেশত সেয়াই হৈ আছে। আদানীৰ দুৰ্নীতিৰ বিৰুদ্ধে যি ধৰণে ব্যৱস্থা লব লাগিছিল তাৰ তুলনাত বিজেপি শাসিত ৰাজ্যসমূহত বিৰোধী নেতা, বিৰোধী দলৰ কণ্ঠ ৰোধ কৰাৰ বাবে অধিক দ্ৰুত ভাৱে কাম কৰিছে।   

ED ৰ নাম সলনি কৰাৰ আহ্বান শিৱসেনাৰ সাংসদৰ...
সাৱধান হওঁক ! স্বাস্থ্য সংস্থাই জাৰি কৰিলে সতৰ্কবাণী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in