সাৱধান হওঁক ! স্বাস্থ্য সংস্থাই জাৰি কৰিলে সতৰ্কবাণী

সাৱধান হওঁক ! স্বাস্থ্য সংস্থাই জাৰি কৰিলে সতৰ্কবাণী

ডিজিটেল ডেস্ক: শীতকাল ওচৰ চাপি অহাৰ লগে লগে আন স্বাস্থ্য সমস্যাৰ লগতে অধিকাংশ লোকেই চৰ্দি-কাহত আক্ৰান্ত হয়। কিন্তু এইবাৰ শীতকালত আপুনি ক’ৰোনাত আক্ৰান্ত হোৱাৰ আশংকা খুবেই বেছি। শেহতীয়াকৈ এই বিষয়ে জানিবলৈ দিছে স্বাস্থ্য সংস্থাই। হয়, ইউকে স্বাস্থ্য সংস্থাই আগন্তুক শীতকালত এছএআৰএছ-চিঅ'ভি-২ ভাইৰাছৰ ফলত হোৱা আন এক পৰ্যায়ৰ সংক্ৰমণৰ বাবে সাজু থাকিবলৈ সকলোকে সতৰ্ক কৰি দিছে।

ক’ৰোনাৰ নতুন প্ৰকাৰ বিএ.২.৮৬ৰ বাবে ইংলেণ্ডত যথেষ্ট সংখ্যক ৰোগী চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে। সংস্থাই দাবী কৰা মতে, বিএ.২.৮৬ প্ৰকাৰটো পুৰণিতকৈ একেবাৰে বেলেগ। ইয়াত বি.এ.২ বা বি.এ.১-ৰ পৰা ৩৪ টা নতুন পৰিৱৰ্তন হৈছে, সেয়েহে ই ভেকছিন লোৱাৰ পিছতো আপোনাক অসুস্থ কৰি তোলে। 

এতিয়া ইউকে স্বাস্থ্য সুৰক্ষা সংস্থাই (ইউকেএইচএছএ) এক সতৰ্কবাণী জাৰি কৰি কৈছে যে, বতৰৰ পৰিৱৰ্তনৰ লগে লগে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাব আৰু অন্যান্য ফ্লুয়েও সমস্যা বৃদ্ধি কৰিব পাৰে। ইউকে এইচএছএ-ৰ ৰাজহুৱা স্বাস্থ্য কাৰ্যসূচীৰ সঞ্চালক মেৰী ৰামছয়ে লগতে উল্লেখ কৰে যে, ‘আমি এই সমগ্ৰ বিষয়টো সন্দৰ্ভত অতি গুৰুত্ব সহকাৰে নিৰীক্ষণ কৰি আছো।আপোনালোকে যেতিয়া আপোনাৰ শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধাৰ সন্মুখীন হয়, তেতিয়া আনৰ সংস্পৰ্শলৈ অহাটো পৰিহাৰ কৰিব।বিশেষকৈ শিশু, ৰুগীয়া তথা বৃদ্ধৰ পৰা দূৰত্ব বজাই ৰাখিব।’

ইউকেএইচএছএ-ৰ প্ৰতিবেদন অনুসৰি, ইংলেণ্ডত প্ৰতিদিনে গড়ে ২,২৫৭ টা ক’ভিড ১৯ আক্ৰান্ত হোৱাৰ গোচৰ পঞ্জীয়ন কৰা হৈছে। ইফালে, দেশখনে বৃদ্ধ আৰু দুৰ্বল লোকসকলৰ বাবে ভেকছিন বুষ্টাৰো মুকলি কৰা হৈছে। ইউ.কে.এইচ.এছ.এ.-য়ে লগতে উল্লেখ কৰে যে, বৰ্তমানলৈ ইংলেণ্ডত ৬৫ বছৰতকৈ অধিক বয়সৰ ৩.৯ নিযুত লোকক (৩৫.৩%) টিকাকৰণ কৰা হৈছে। 

কভিড ১৯ৰ পৰা বাচি থাকিবলৈ এই সমূহ দিশত মন দিব-

- মাস্ক পৰিধান কৰিব।

- সকলোৰে পৰা কমেও এক মিটাৰ শাৰীৰিক দূৰত্ব বজাই ৰাখিব।

- খিৰিকী আৰু দুৱাৰ খুলি কোঠাবোৰত বতাহ চলাচল কৰিবলৈ দিব।

- নিয়মীয়াকৈ চাবোনেৰে হাত ধুব।

- হাঁচি মাৰোতে মুখ ঢাকি ৰাখিব।

- চাৰিওফালে পৰিস্কা-পৰিচ্ছন্নতা বজাই ৰাখিব।

-ঘৰৰ শিশু, গৰ্ভৱতী মহিলা বা বৃদ্ধসকলৰ বিশেষ যত্ন ল'ব। 

সাৱধান হওঁক ! স্বাস্থ্য সংস্থাই জাৰি কৰিলে সতৰ্কবাণী
মহিলাসকল অধিক সাৱধান হওঁক, গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in