গুজৰাট, UP কে ধৰি কেইবাখনো ৰাজ্যৰ গৃহ সচিবক অব্যাহতি নিৰ্বাচন আয়োগৰ...

৬ ৰাজ্যৰ গৃহ সচিব, বংগৰ আৰক্ষী সঞ্চালক প্ৰধানক অব্যাহতি, মিজোৰামতো অব্যাহতি সাধাৰণ প্ৰশাসনিক বিভাগৰ সচিবক
গুজৰাট, UP কে ধৰি কেইবাখনো ৰাজ্যৰ গৃহ সচিবক অব্যাহতি নিৰ্বাচন আয়োগৰ...
গুজৰাট, UP কে ধৰি কেইবাখনো ৰাজ্যৰ গৃহ সচিবক অব্যাহতি নিৰ্বাচন আয়োগৰ...

ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগৰ এক নিৰ্দেশনা এতিয়া চৰ্চাৰ কাৰণ হৈ পৰিছে। দেশৰ অষ্টাদশ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে নিৰ্বাচন আয়োগে কেইবাখনো ৰাজ্যৰ গৃহ সচিবক অব্যাহতি দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে।

এ এন আইত প্ৰকাশিত খবৰ অনুসৰি নিৰ্বাচন আয়োগে পশ্চিমবংগৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰকো দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে। তেওঁৰ স্থানত ৰাজ্যখনৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দায়িত্ব দিয়া হৈছে আই পি এছ বিষয়া বিবেক ছাহাইক।

তাৎপৰ্যপূৰ্ণভাৱে যি ৬খন ৰাজ্যৰ গৃহ সচিবক অব্যাহতি দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে সেইসমূহৰ ভিতৰত চাৰিখন ৰাজ্যতে আছে বিজেপিৰ চৰকাৰ। জানিব পৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজ্য গুজৰাট আৰু যোগী আদিত্য নাথৰ ৰাজ্য উত্তৰ প্ৰদেশৰ গৃহ সচিবক অব্যাহতি দিয়াৰ নিৰ্দেশ জাৰি কৰা হৈছে। ইফালে উত্তৰ প্ৰদেশৰ বাৰণাসীৰ সাংসদ হিচাপে আছে নৰেন্দ্ৰ মোডী। এইবাৰো তেওঁ এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

নিৰ্বাচনৰ আয়োগৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি গুজৰাট, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ ৰাজ্যৰ গৃহসচিবক অব্যাহতি দিয়াৰ নিৰ্দেশ জাৰি কৰা হৈছে। গুজৰাট, উত্তৰ প্ৰদেশৰ উপৰিও উত্তৰাখণ্ডত আছে বিজেপিৰ চৰকাৰ।

বিহাৰত জে ডি ইউৰ সৈতে বিজেপিয়ে মিত্ৰজোঁটৰ চৰকাৰ চলাই আছে। হিমাচল প্ৰদেশত কংগ্ৰেছ আৰু ঝাৰখণ্ডত জে এম এমৰ সৈতে কংগ্ৰেছে মিত্ৰতাৰে চৰকাৰ চলাই আছে।

আনহাতে আয়োগে মিজোৰাম আৰু হিমাচল প্ৰদেশৰ সাধাৰণ প্ৰশাসনিক বিভাগৰ সচিবকো দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ নিৰ্দেশ জাৰি কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰামত ক্ষমতাত আছে বিজেপিৰ সহযোগী দল জেড পি এম। সেয়ে আয়োগৰ এই নিৰ্দেশনাই বিশেষ তাৎপৰ্য বহন কৰিছে।

গুজৰাট, UP কে ধৰি কেইবাখনো ৰাজ্যৰ গৃহ সচিবক অব্যাহতি নিৰ্বাচন আয়োগৰ...
তেজপুৰ কাৰাগাৰৰ পৰা পলাল ৩ কয়দী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in