/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/77eeab36-7631-4f67-bc51-4b79c9dbe6ba/AP_FOR_WEB_jail_.jpg)
তেজপুৰ কাৰাগাৰৰ পৰা পলাল ৩ কয়দী...
ডিজিটেল ডেস্কঃ তেজপুৰ কাৰাগাৰত অঘটন। কাৰাগাৰৰ পৰা পলাল তিনিজন কয়দী।
পলায়ন কৰা কয়দী তিনিটাৰ নাম ক্ৰমে থুলেশ্বৰ তাঁতী, ইন্দ্ৰজিৎ মণ্ডল আৰু জেহৰুল ইছলাম। ইয়াৰে থুলেশ্বৰ তাঁতী যুৱতী অপহৰণৰ গোচৰত অভিযুক্ত।
ইন্দ্ৰজিৎ মণ্ডলৰ বিৰুদ্ধে আছে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ অভিযোগ। উল্লেখ্য পলায়ন কৰা এই তিনিওটা কয়দীয়েই শোণিতপুৰৰ ঠেলামৰা অঞ্চলৰ। থুলেশ্বৰ তাঁতী আৰু জেহৰুল ইছলামৰ ঘৰ ঠেলামৰাত আৰু ইন্দ্ৰজিৎ মণ্ডলৰ ঘৰ ঠেলামৰাৰ কাষৰীয়া মিছামাৰীত।
Also Read: ছাৰ্জিকেল ষ্ট্ৰাইকৰ নামত আফগান মহিলা, শিশুক হত্যা পাকিস্তানৰ !