Electoral bond: কোনে ৰাজনৈতিক দলক দিছিল ১৩৬৮ কোটি টকা? নিৰ্বাচন আয়োগে ৰাজহুৱা কৰিলে তথ্য

Electoral bond: কোনে ৰাজনৈতিক দলক দিছিল ১৩৬৮ কোটি টকা? নিৰ্বাচন আয়োগে ৰাজহুৱা কৰিলে তথ্য

author-image
Asomiya Pratidin
New Update
Electoral bond: কোনে ৰাজনৈতিক দলক দিছিল  ১৩৬৮ কোটি টকা? নিৰ্বাচন আয়োগে ৰাজহুৱা কৰিলে তথ্য

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ ধমকত ২৪ ঘণ্টাতে ইলেক্ট্ৰৰেল বণ্ডৰ সকলো তথ্য দিবলৈ বাধ্য হৈছিল এছ বি আই। তাৰ পাছতে বৃহস্পতিবাৰে নিৰ্বাচন আযোগে দাখিল কৰিলে ইলেক্ট্ৰৰেল বণ্ডৰ সকলো তথ্য । এই তথ্য উচ্চতম ন্য়ায়ালয়ে বান্ধি দিয়া সময়ৰ এদিন পূৰ্বে আপলোড কৰা হয়।পেনেলে ১৫ মাৰ্চৰ ৫ বজাত এই বণ্ডৰ তথ্য আপলোড কৰিবলৈ আদেশ দিছিল।

Advertisment

এই সন্দৰ্ভত আয়োগে দুটা ফাইল আপলোড কৰিছে। এটা ফাইলত বণ্ড ক্ৰয় কৰাৰ নাম আৰু মূল্যৰ বিষয়ে আছে। আনহাতে অন্যটো ফাইলত ৰাজনৈতিক দল আৰু তেওঁলোকৰ দ্বাৰা দিয়া বণ্ডৰ মূল্য উল্লেখ আছে। এই তথ্যত Edelweiss, pvr, keventer, sula wine আদিৰ দৰে ডাঙৰ ডাঙৰ কোম্পানীবোৰৰ নাম আছে।

তালিকাখনৰ মতে ইলেক্ট্ৰৰেল বণ্ড লোৱা দলসমূহৰ ভিতৰত আছে বিজেপি, কংগ্ৰেছ, এআইডিএমকে, বিআৰএছ, শিৱসেনা, টিডিপি, টিএমচি, ডিএমকে. আপ, আৰজেডি, জেডেইউ আদি। এই বণ্ডৰ দ্বাৰা সৰ্বাধিক ছান্দা লাভ কৰিছিল বিজেপিয়ে, তাৰ পাছতে স্থান আছে কংগ্ৰেছ।

নিৰ্বাচনী আয়োগে ২০১৯ চনৰ ১২ এপ্ৰিলৰ পৰা ১হাজাৰ টকাৰ পৰা ১কোটি টকালৈ ইলেক্ট্ৰৰেল বণ্ডৰ তথ্য আপলোড কৰিছে।

শীৰ্ষ ছান্দা দিয়াসকলৰ ভিতৰত আছে গ্ৰাচিম ইণ্ডাষ্ট্ৰিজ, মেঘা ইঞ্জিনিয়াৰিং, পিৰামল এণ্টাৰপ্ৰাইজেছৰ দৰে ডাঙৰ কোম্পানীৰ নাম। তালিকাখনত এপোলো টায়াৰ, লক্ষ্মী মিত্তাল, এডেলৱাইছ, পিভিআৰ, কেভেণ্টাৰ, চুলা ৱাইন, ৱেলস্পুন, চান ফাৰ্মা আদি । টৰেণ্ট পাৱাৰ, ভাৰতী এয়াৰটেল এই তালিকাৰ শীৰ্ষ স্থানত আছে।

ফিউচাৰ গেমিং এণ্ড হোটেল চাৰ্ভিচেছ (লটাৰী মাৰ্টিন)য়ে সৰ্বাধিক ১,৩৬৮ কোটি টকাৰ বণ্ড ক্ৰয় কৰিছিল। আনহাতে, মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেডে ৯৮০ কোটি টকাৰ বণ্ড ক্ৰয় কৰিছিল। ফিউচাৰ গেমিংয়ে ২০১৯ চনৰ পৰা প্ৰতিটো ১ কোটি মূল্যৰ ১৩৬৮ টা নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছে যাৰ মূল্য ১৩৬৮ কোটি।

উল্লেখ্য যে, চনত, কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচনী বণ্ড আঁচনি ঘোষণা কৰিছিল। এয়া ২৯ জানুৱাৰী ২০১৮ ত আইনীভাৱে ৰূপায়ণ কৰা হৈছিল। চৰকাৰে কৈছিল যে নিৰ্বাচনী পুঁজিত 'পৰিষ্কাৰ' ধন অনা আৰু 'স্বচ্ছতা' বৃদ্ধি কৰিবলৈ এই আঁচনিখন অনা হৈছে। এছবিআইৰ ২৯ টা শাখাৰ পৰা বিভিন্ন পৰিমাণৰ নিৰ্বাচনী বণ্ড জাৰি কৰা হয়। এই পৰিমাণ এক হাজাৰৰ পৰা এক কোটি টকালৈকে হ'ব পাৰে। . যিকোনো লোকে ইয়াক ক্ৰয় কৰিব পাৰে আৰু তেওঁলোকৰ পচন্দৰ ৰাজনৈতিক দলক দিব পাৰে।

Also Read: কলিয়াবৰৰ পৰা কংগ্ৰেছ কৰ্মীয়ে চকুলো টুকি বিদায় দিলে সাংসদ গৌৰৱ গগৈক

Future Gaming And Hotel Services sbi Electoral Bond