কলিয়াবৰৰ পৰা কংগ্ৰেছ কৰ্মীয়ে চকুলো টুকি বিদায় দিলে সাংসদ গৌৰৱ গগৈক

কলিয়াবৰৰ পৰা কংগ্ৰেছ কৰ্মীয়ে চকুলো টুকি বিদায় দিলে সাংসদ গৌৰৱ গগৈক

ডিজিটেল সংবাদ,কলিয়াবৰঃ কথাৰে নহয় কামেৰেহে প্ৰত্যুত্তৰ দিব সমালোচনাৰ। প্ৰধানমন্ত্ৰীয়ে অসমৰ গামোছা লৈ দিল্লিত গৈ "কা" জাপি দি গামোছাক অপমান কৰিছে। লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পিছত "কা" বলবতৰে লাচিতৰ প্ৰতিমূৰ্তিত ক'লা ৰঙ সানিলে - এই মন্তব্য গৌৰৱ গগৈৰ। কলিয়াবৰ তিনিয়ালিস্থিত দুৰ্গা মন্দিৰৰ গৌৰী ভৱনত বৃহস্পতিবাৰে বিয়লি বিদায় সম্ভাষন গ্ৰহন কৰি এই বক্তব্য প্ৰদান কৰে সাংসদ গৌৰৱ গগৈয়ে ৷

শক্তি অধিষ্ঠাতা দেৱী মা-দূৰ্গাৰ শ্ৰীচৰণত আঠু লৈ আৰ্শীবাদ গ্ৰহনৰে কলিয়াবৰ সাংসদ গৌৰৱ গগৈয়ে আনুষ্ঠানিকভাৱে কলিয়াবৰ সংসদীয় সমষ্টিৰ পৰা বিদায় লৈ যোৰহাট সংসদীয় সমষ্টিত প্ৰতিদন্দ্বিতাৰ বাবে পণ গ্ৰহন কৰে ৷ এই উপলক্ষে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত বিদায়ক্ষণত আৱেগিক হৈ উঠে কৰ্মীসকল ৷ দুচকুৰে বৈ আহিল লোতক,কংগ্ৰেছৰ কেইৱাগৰাকীও নিষ্ঠাৱান কৰ্মীয়ে আবেগত নিজকে নিয়ন্ত্ৰন কৰিব নোৱাৰি হুকহুকাই কান্দি উঠে ৷

সাংসদ গৌৰৱ গগৈক সাৱটি ধৰি কান্দি বিদায় দিলে কলিয়াবৰ কংগ্ৰেছৰ একাংশ দলীয় কৰ্ম-কৰ্তাই । তদ্ৰুপ যথেষ্ট আবেগিক হৈ উঠা সাংসদ গৌৰৱ গগৈয়ে কলিয়াবৰৰ সতীৰ্থ কৰ্মীৰ পৰা বিছাৰিলে আশীৰ্বাদ। সতীৰ্থ কংগ্ৰেছ কৰ্মী সকলক উদ্দেশ্যি তেওঁ কয়--কলিয়াবৰৰ পৰা আঁতৰিলেও কলিয়াবৰৰ মানুহৰ মনত সদায় থকাৰ লগতে প্ৰতিটো সুখ-দুখত কলিয়াবৰ ৰাইজৰ কাষত ঠিয় দিম ৷ লগতে কংগ্ৰেছৰ কাজিৰঙা প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীক জয়ী কৰোৱাৰ বাৱে টঙালি বান্ধিবলৈ কৰ্মীসকলক আহ্বান জনায় ।

গগৈয়ে মিত্ৰজোটৰ অগপ দলক ক্ষুৰধাৰ সমালোচনা কৰি কয়- মন্ত্ৰী থকাৰ পাছতো ঘৰৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব দিব নোৱাৰিলে আনকি মানুহটো বাদেই কাজিৰঙা সাংসদীয় সমষ্টিত দুজন অগপৰ কেবিনেট মন্ত্ৰী থকাৰ পিছতো চিহ্নটোকো জীয়াই ৰাখিব নোৱাৰটো অগপ দলৰ বাৱেই দুৰ্ভাগ্য জনক বুলি ভাষণ প্ৰসংঙ্গত অগপক তুলাধূনা দিয়ে ৷ যোৰহাটত প্ৰতিদণ্ডিতা সন্দৰ্ভত তেঁও কয়--যোৰহাটৰ ভোটাৰ ৰাইজ সদা সচেতন ৷ প্ৰতিদ্বণ্ডী তপন গগৈৰ আশু-আৰোগ্য কামনা কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে এটাও কটূ মন্তব্য নকৰি নিৰ্বাচনত প্ৰতিদণ্ডীতা আগবঢ়াব বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে ৷

কলিয়াবৰৰ পৰা কংগ্ৰেছ কৰ্মীয়ে চকুলো টুকি বিদায় দিলে সাংসদ গৌৰৱ গগৈক
দিব্যাঙ্গ ক্ৰিকেট প্ৰতিযোগিতাত ঝাৰখণ্ড দলৰ হৈ খেলিব ওদালগুৰিৰ যুৱকে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in