বন্ধ কৰক 'বিকশিত ভাৰত'ৰ বাৰ্তাঃ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা...

নিৰ্বাচন আচৰণবিধি ভংগৰ অভিযোগ
বন্ধ কৰক 'বিকশিত ভাৰত'ৰ বাৰ্তাঃ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা...
বন্ধ কৰক 'বিকশিত ভাৰত'ৰ বাৰ্তাঃ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা...

ডিজিটেল ডেস্কঃ আপোনাৰ হোৱাটছএপলৈও আহিছে নেকি নৰেন্দ্ৰ মোডী চৰকাৰৰ বিকশিত ভাৰতৰ বাৰ্তা? দেশৰ প্ৰায়বোৰ ব্যক্তিৰ হোৱাটছএপলৈ নৰেন্দ্ৰ মোডী চৰকাৰে প্ৰেৰণ কৰিছিল বিকশিত ভাৰতৰ বাৰ্তা। কিন্তু মোডী চৰকাৰক এই বিকশিত ভাৰতৰ বাৰ্তা ব্যক্তিৰ হোৱাটছএপে হোৱাটছএপে প্ৰেৰণ কৰাটো বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে নিৰ্বাচন আয়োগে।

নিৰ্বাচনৰ আচৰণবিধ কাৰ্যকৰী হৈ থকাৰ সময়তে এনে বাৰ্তা যাতে ব্যক্তিৰ হোৱাটছএপলৈ আৰু পঠিওৱা নহয় তাক নিশ্চিত কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়ক বৃহস্পতিবাৰে নিৰ্দেশ প্ৰদান কৰিছে নিৰ্বাচন আয়োগে

উল্লেখ্য যে, নৰেন্দ্ৰ মোডী চৰকাৰে জনসাধাৰণৰ হোৱাটছএপত প্ৰেৰণ কৰা এই বাৰ্তাক লৈ তৃণমূল কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দল সৰৱ হৈ পৰিছিল। ইয়াৰ পিছতে নিৰ্বাচন আয়োগে এই পদক্ষেপ গ্ৰহণ কৰিছে।

বৃহস্পতিবাৰে কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়ক এই সন্দৰ্ভত এক নিৰ্দেশনা প্ৰদান কৰি এখন চিঠি প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগে। এই নিৰ্দেশত কোৱা হৈছে যোৱা ১৫ মাৰ্চত নিৰ্বাচনী আচৰণবিধি জাৰি কৰাৰ পূৰ্বে বিকশিত ভাৰত সংক্ৰান্তিয় বাৰ্তা হোৱাটছএপৰ মাধ্যমেৰে প্ৰেৰণ কৰা হৈছিল।

কিন্তু প্ৰযুক্তিগত কাৰণ আৰু ইণ্টাৰনেণ্টৰ পৰিসেৱাৰ সীমাবদ্ধতাৰ বাবে এই বাৰ্তা বহু পলমকৈ নাগৰিকৰ মোবাইললৈ গৈছে। নিৰ্বাচনী আচৰণবিধি জাৰি কৰাৰ পিছত দেশৰ নাগৰিকৰ এটা অংশই এতিয়াও সেই বাৰ্তা লাভ কৰি আছে।

আয়োগে পত্ৰখনত পুনৰ কৈছে যে এনে বাৰ্তা প্ৰেৰণ তৎক্ষণাৎ বন্ধ হ'ব লাগে। এই সন্দৰ্ভত নিৰ্বাচন আয়োগলৈ অভিযোগ আহি আছে। এতিয়া নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ আছে। এই বাৰ্তা আৰু প্ৰেৰণ কৰিব নোৱাৰি। এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা উচিত।

উল্লেখ্য যে, ১৫ মাৰ্চ, ২০২৪ শনিবাৰে নিৰ্বাচন আয়োগে দেশৰ অষ্টাদশ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে। আইন অনুসৰি তেতিয়াৰে পৰা দেশত কাৰ্যকৰী হৈছে নিৰ্বাচন আচৰণবিধি। এই আচৰণবিধি বলবৎ হৈ থকাৰ সময়ত চৰকাৰে বা প্ৰশাসনে কোনো জন মোহিনী আঁচনি ঘোষণা কৰিব নোৱাৰে। ইয়াৰ প্ৰচাৰো কৰিব নোৱাৰে।

আন্তঃগাঁথনি উন্নয়নৰ দৰে কোনো প্ৰতিশ্ৰুতি প্ৰদানো কৰিব নোৱাৰে। শাসনাধিষ্ঠি চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰৰ বাবে চৰকাৰী যন্ত্ৰ, পৰিবহন বা প্ৰযুক্তি ব্যৱহাৰ কৰিব নোৱাৰে।

কিন্তু এইবাৰ আচৰণবিধি জাৰি হোৱাৰ পিছতো দেশৰ বহু নাগৰিকে অভিযোগ কৰিছে তেওঁলোকে তেওঁলোকৰ মোবাইলফোনত 'বিকাশি ভাৰত'ৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা বাৰ্তা লাভ কৰি আছে। এই বাৰ্তাত ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়াৰ কথা আছে। সেয়ে নিৰ্বাচন আয়োগে এই নিৰ্দেশনা জাৰি কৰিছে।

বন্ধ কৰক 'বিকশিত ভাৰত'ৰ বাৰ্তাঃ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা...
বটদ্ৰৱাত ৭ টা জুৱাৰী আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in