বটদ্ৰৱাত ৭ টা জুৱাৰী আটক

বটদ্ৰৱাত ৭ টা জুৱাৰী আটক

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত ৭ টা জুৱাৰী আটক

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ দৌল উৎসৱৰ প্ৰাকমুহূৰ্তত বটদ্ৰৱাত বৃহৎ জুৱা ঘাটি উৎখাত। ৭ টা জুৱাৰী আটক। বটদ্ৰৱাৰ কদমনিৰ পৰা আটক কৰা জুৱাৰী কেইটা- জালাল উদ্দিন, চফিকুল ইছলাম, জেহিৰুল ইছলাম, জামাল উদ্দিন, আবু শ্বৰীফ, নুৰ হুছেইন আৰু জুন বৰা।

Advertisment

এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত আৰক্ষীয়ে কদমনি গাঁৱৰ এটা বাসগৃহত জুৱা খেলি থকা অৱস্থাত হাতে লোটে ধৰে জুৱাৰী কেইটাক। আৰক্ষীয়ে জুৱাৰী কেইটাৰ হাতৰ পৰা নগদ ধন, মোবাইল, টাচ পাত আদি জব্দ কৰে। ইফালে এই অভিযানত বটদ্ৰৱা আৰক্ষী থানাৰ উপ আৰক্ষী বিষয়া ৰাজু দেৱ আৰু দুজন জোৱান আঘাতপ্ৰাপ্ত হয়।

Also Read: তৰুণ গগৈৰ পুত্ৰ বুলি মানুহে গৌৰৱক মৰম কৰে, কিন্তু ভোট নিদিয়ে: দিগন্ত কলিতা

Assam police