দুটাকৈ ভূমিকম্পই জোকাৰি গ'ল জম্মু আৰু কাশ্মীৰ...

দুটাকৈ ভূমিকম্পই জোকাৰি গ'ল জম্মু আৰু কাশ্মীৰ (প্ৰতীকি ফটো)

author-image
Asomiya Pratidin
New Update
দুটাকৈ ভূমিকম্পই জোকাৰি গ'ল জম্মু আৰু কাশ্মীৰ...

দুটাকৈ ভূমিকম্পই জোকাৰি গ'ল জম্মু আৰু কাশ্মীৰ (প্ৰতীকি ফটো)

ডিজিটেল ডেস্কঃ সোমবাৰে পুৱাই দুটাকৈ ভূমিকম্পই জোকাৰি যায় জম্মু আৰু কাশ্মীৰ। এই দুয়োটা ভূমিকম্পৰ মাজত সময়ৰ ব্যৱধান আছিল ৫ মিনিট।

ইয়াৰে প্ৰথমটো ভূমিকম্প পুৱা ৫-৩৮ বজাত ঘনিভূত হৈছিল আৰু দ্বিতীয়টো ৫-৪৩ মিনিটত। ৰিখটাৰ স্কেলত প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৯ আৰু দ্বিতয়টোৰ প্ৰাবল্য আছিল ৩.৬।

পুৱা ৫-৩৮ বজাত ঘনিভূত হোৱা প্ৰথমটো ভূমিকম্পৰ উৎপত্তিস্থল আছিল জম্মু কাশ্মীৰৰ উধামপুৰৰ ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত আৰু দ্বিতীয়টোৰ উৎপত্তিস্থল ভূপৃষ্ঠৰ পৰা ৮ কিলোমিটাৰ গভীৰতাত। এই দুয়োটা ভূমিকম্পই অৱশ্য কোনো ক্ষয়, ক্ষতি অহা নাই।

Also Read: নৃশংস! মহিলাক হত্যা কৰি উলিয়াই দিলে চকু, কাটিলে জিভা; একাংশ মানৱৰ জঘন্য কাণ্ড

ভূমিকম্প