/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/earthquake.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্কঃ দিল্লীত ভয়ংকৰ ভূমিকম্প। মঙলবাৰে নিশা প্ৰায় ১০.২২ বজাত দিল্লীত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.৭ ৰিখটাৰস্কেল।
এই ভূমিকম্পৰ উৎপত্তিস্থল আফগানিস্তান বুলি জানিব পৰা গৈছে। দিল্লীৰ লগতে পঞ্জাৱ, উত্তৰাখণ্ড আদিতো এই ভূমিকম্পৰ জোকাৰণি অনুভৱ হয়।বহু সময় ধৰি ভূমিকম্পই জোকাৰি যায় সমগ্ৰ অঞ্চল।
বৰ্তমানলৈকে এই ভূমিকম্পৰ ফলত কি ক্ষয়- ক্ষতি হৈছে জানিব পৰা হোৱা নাই। জানিব পৰা মতে তুৰ্কমেনিস্তান, ভাৰত, কাজাখস্তান, পাকিস্তান, তাজিকিস্তান, উজবেকিস্তান, চীন, আফগানিস্তান আদি দেশসমূহত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।
Also Read: আজি কামাখ্যা দৰ্শনৰ বাবে আহিছিল ৰাণী মুখাৰ্জী, কাৰণ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us