/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/10994966-b7f7-4f8c-b90a-ffa738159bb8/aa.jpg)
ডিজিটেল ডেস্কঃ ভূমিকম্পই জোকাৰি গ'ল আফগানিস্তানক। আজি বিয়লি প্ৰায় ২.৫০ বজাত ৬.৩ প্রাবল্যৰ ভূমিকম্পই সমগ্র আফগানিস্তানক জোকাৰি যায়। ফলত আতংকিত হৈ পৰে দেশবাসী।
উল্লেখ্য এই ভূমিকম্পৰ জোকাৰণি উত্তৰ ভাৰতৰো বহু স্থানত অনুভূত হয়। উত্তৰ ভাৰতৰ কিছু অংশৰ লগতে দিল্লী এন চি আৰত তীব্ৰ কঁপনি অনুভূত হোৱা বুলি জানিব পৰা গৈছে।
ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ মতে, এই ভূমিকম্পৰ অভিকেন্দ্ৰ কাবুলৰ পৰা প্ৰায় ২৪১ কিলোমিটাৰ উত্তৰ-পূৱত। ভাৰতৰ ৰাজধানী দিল্লীৰ লগতে নয়দা, গাজিয়াবাদ, ফৰিদাবাদ, গুৰুগ্রামতো ভূমিকম্পৰ কম্পন অনুভূত হয়।
পাকিস্তানৰ লাহোৰ, ইছলামবাগ, খাইবাৰ পখতুনখোৱা চহৰতো প্ৰবল কঁপনি অনুভূত হয়। ইয়াৰ পূৰ্বেও বিগত বছৰত কেইবাটাও বিধ্বংসী ভূমিকম্পই তচনচ কৰি গৈছে আফগানিস্তানক। অৱশ্যে আজিৰ এই ভূমিকম্পত এইপৰ্যন্ত কোনোধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।
Also Read: ভূমিৰ ভুৱা পঞ্জিয়নৰ গোচৰঃ গুৱাহাটীৰ ৪ টা চক্ৰ বিষয়াৰ কাৰ্যালয়ত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us