ভূমিৰ ভুৱা পঞ্জিয়নৰ গোচৰঃ গুৱাহাটীৰ ৪ টা চক্ৰ বিষয়াৰ কাৰ্যালয়ত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান...

ভূমিৰ ভুৱা পঞ্জিয়নৰ গোচৰঃ গুৱাহাটীৰ ৪ টা চক্ৰ বিষয়াৰ কাৰ্যালয়ত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান...

author-image
Asomiya Pratidin
New Update
ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী…

ভূমিৰ ভুৱা পঞ্জিয়নৰ গোচৰঃ গুৱাহাটীৰ ৪ টা চক্ৰ বিষয়াৰ কাৰ্যালয়ত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান...

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ মুঠ ৪ টা চক্ৰ বিষয়াৰ কাৰ্যালয়ত বৃহস্পতিবাৰে চলিল ক্ৰাইম ব্ৰাঞ্চৰ অভিযান। আজাৰা, চন্দ্ৰপুৰ, গুৱাহাটী আৰু দিছপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ক্ৰাইম ব্ৰাঞ্চে ভুৱা নথি পৰীক্ষাৰ বাবে এইদৰে অভিযান চলালে।

Advertisment

উল্লেখ্য যে গুৱাহাটীৰ কেইবাখনো আৰক্ষী থানাত শতাধিক ভূমিৰ ভুৱা পঞ্জীয়নৰ গোচৰ ৰুজু হৈ আছে। ইতিমধ্যে এই গোচৰত গ্ৰেপ্তাৰ হৈছে দুজনকৈ উপ-পঞ্জীয়ক। দুয়ো আছে বৰ্তমান আৰক্ষীৰ জিম্মাত।

এইবাৰে ক্ৰাইম ব্ৰাঞ্চে জিম্মাত লৈছে ৰঞ্জিত চৌধুৰীক। গীতানগৰ আৰক্ষীৰ জিম্মাত নিহাৰেন্দ্ৰ থাউচেন। এই বিষয়াসকলক গুৱাহাটীৰ আন আন আৰক্ষী থানাসমূহেও নিজৰ জিম্মাত ল'ব বুলি জানিব পৰা গৈছে।

ইফালে ভূমি জালিয়াতিত জড়িত থকাৰ অভিযোগত আৰু এজন বিষয়াক আজি গ্ৰেপ্তাৰ কৰা হৈছে। গড়চুক আৰক্ষীয়ে জ্যোতি নগৰৰ পৰা আত্মগোপন কৰি থকা অৱস্থাৰ পৰা গ্ৰেপ্তাৰ কৰে লাট মণ্ডল জিতেন্দ্ৰ তালুকদাৰক।

Also Read: ৰাম মন্দিৰৰ উদ্বোধনৰ পাছতে সংসদৰ বাজেট অধিৱেশনঃ চমক দিবলৈ সাজু বিত্তমন্ত্ৰী...

ক্ৰাইম ব্ৰাঞ্চ